অসমৰ বিভিন্ন স্থানত বানপীড়িত সকলৰ কাষত এবিভিপি
বানপীড়িত সকলৰ মাজত খাদ্য সামগ্ৰী, ঔষধ আদি বিতৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বহু কেইখন জিলাত শেহতীয়াকৈ হোৱা ভয়াবহ বান পৰিস্থিতিত জিলা কেইখনত স্বাভাৱিক জীৱন ব্যাহত হোৱাৰ লগতে বৰ্তমানেও শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ আছে। পানীৰ কৱলত পৰা এনে পৰিস্থিতিত বানপীড়িত সকলক বিভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়াইছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। বিশেষকৈ লক্ষীমপুৰ, হাইলাকান্দি, শ্ৰীভূমি জিলাৰ বিভিন্ন অঞ্চলত বিদ্যাৰ্থী পৰিষদে খাদ্য সামগ্ৰী, কাপোৰ, ঔষধ আদি বিতৰণ কৰে।এই সমূহ জিলাত আশ্ৰয় শিবিৰত থকা লোক সকলক কাৰ্যকৰ্তা সকলে ভোজন, বিশুদ্ধ খোৱা পানী আদিৰ ব্যৱস্থা কৰাই। বানপানীৰ সময়ত বিভিন্ন স্থানত বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা সকলে প্ৰশাসনৰ লগত বিভিন্ন স্থানত উদ্ধাৰ অভিযানতো অংশগ্ৰহণ কৰি উদ্ধাৰ অভিযান ত্বৰান্বিত কৰাত সহায় কৰে।