গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সামূহিক চিকিৎসা বিভাগে ২০২৫ চনৰ ৫ জুন তাৰিখে বৃক্ষৰোপণ কাৰ্যৰ জৰিয়তে বিশ্ব পৰিবেশ দিৱস উদযাপন কৰে। উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মুখ্য অধীক্ষক তথা অধ্যক্ষ অধ্যাপক ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই । অনুষ্ঠানত উপস্থিত থাকে চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ কেইবাগৰাকীও জেষ্ঠ্য চিকিৎসক তথা শিক্ষক – শিক্ষয়িত্ৰী , ছাত্ৰ-ছাত্ৰী আৰু জিএমচিএইচৰ কৰ্মচাৰীসকল। চিকিৎসা মহাবিদ্যালয়ৰ, হৃদয়-বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰত পুৱাৰে পৰা আৰম্ভ হোৱা অনুষ্ঠানত কমিউনিটি মেডিচিন বিভাগৰ সন্মানীয় অধ্যাপিকা তথা মুৰব্বী অধ্যাপিকা (ডাঃ) যুতিকা ওজাৰ নেতৃত্বত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই বৃক্ষৰোপণ কাৰ্যৰ প্ৰতি সকলোৱে জনোৱা সহযোগিতা আৰু সঁহাৰিৰ বাবে সকলোৰে শলাগ লয়। এই বছৰৰ বিশ্ব পৰিবেশ দিৱসৰ বিষয় বস্তু আছিল – “প্লাষ্টিক সামগ্ৰীৰে সৃষ্টি হোৱা প্ৰদূষণৰ বিনাশ ঘটোৱা “