পৰিৱেশ – বাহাৰুল ইছলাম 

পৰিৱেশ

বাহাৰুল ইছলাম 
বালিজান , মৰিগাঁও 

সেউজীয়াৰ নিমিত্তে ব’লা যাওঁ আগুৱায়
ছাঁ ৰ পিছে পিছে ঘূৰিছোঁ
যায় গুচি প্ৰখৰ বেগে
ৰিবৰিব মলয়া পৱন
যিয়ে তাৰ শব্দবোৰ লুকাই থয়
কোনোবা অজান ঠাইত
কিনকিনিয়া বৰষুণজাক
যিয়ে তাৰ কথাবোৰ সোমাই থয়
শুভ্ৰ মেঘমালাৰ খোৰোঙত।

সেই তাহানিৰ শস্য শ্যামলা পথাৰখন
ইটাভাটাৰ ধোৱাত মৰহি গ’ল
মেচিনৰ আৱাজ
সৱতে অপূর্ব সাজ
সেউজ পিন্ধা সেই পাহাৰবোৰ
নঙঠা হৈ কি বিচাৰিছে?
ৰাস্তাৰ কাষে কাষে হাঁহি থকা
সেই আলফুলীয়া বিৰিখবোৰ
আজিকালি নিধান হৈছে
হত্যা কৰি কৰি সিহঁতক
শুকান চামৰাৰ সমুদ্ৰ সজাইছে।

দূৰৈৰ পৰা দৃশ্যমান হয়
ওখ ওখ কংক্রিটৰ দেৱালবোৰ
যিবোৰে ৰিঙিয়াই মাতে প্ৰতিনিতে
হাবিবোৰ আঘাতপ্রাপ্ত হ’ল
নিতৌ শুনা যায়
নিৰস কান্দোনৰ শব্দ
আধুনিকতাৰ আগ্ৰাসন
চৌপাশে যানবাহন।

বনৰীয়া জীৱ-জন্তুয়ে কাণে কাণে
ফুচফুচাই ক’লে-
সিহঁতবোৰ হেনো বৰ বিপদত
কৰ্কশ আজি
পখীৰ কলৰোল,
অজন স্তৰৰ ফাট মেলিলে
সূৰুযৰ খং বাঢ়িলে
মৌনতা জানো সমাধানৰ পথ?
ধৰিত্ৰীৰ কপালত যেন লিখা আছে
কুৰি শতিকাৰ সাৱধান বাণী
‘জীৱশ্রেষ্ঠৰ ভয়ানক কৰ্মফল’
সেউজীয়াৰ নিমিত্তে ব’লা যাওঁ আগুৱায়।