অʼ মই ভালেই আছোঁ
************************
অʼ মই ভালেই আছোঁ….
দাঁত দুপাৰিৰ বিজ্ঞাপনত
অংকৰ জখলা বগাই ।
কোনোবাৰ অৱহেলাৰ
কোৰ আঘাতে
বাসনা বোৰ যদিও
প্ৰতিনিয়ত নীৰৱে
বুকুতেই সমাধিস্থ
সপোনৰ ৰামধেনু
যদিও ৰংবিহীন
তথাপি…..
জীয়াই আছোঁ যন্ত্ৰ হৈ
কোনোবাৰ ইচ্ছাত
চাবি দিয়া পুতলাৰ দৰে।
হয়তো এদিন….
পৰিসমাপ্তি হ’ব
শব্দময়ী এই অভিধানৰ
তেতিয়া…..
ফটো হৈ ওলমি থাকিম
স্বজনৰ স্মৃতিত দেৱালত
কোনোবাই হাঁহিব
কোনোবাই কান্দিব
কোনোবাই ডায়েৰীৰ পৃষ্ঠাত
চিয়াঁহীৰে লিখি ৰাখিব……।
মুঠিৰ বালিৰ দৰে জীৱন
আয়ত্ত্ব হীন অপৰিধেয়।
মাথোঁ, ভুৱা অভিনয়
ওষ্ঠ বিজ্ঞাপনত….
অʼ মই ভালেই আছোঁ…।