বৰাকৰ বন্যাৰ্তৰ কাষত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা
ৰঙিলী বাৰ্ত্তাসেৱা- লখিমপুৰৰ বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ পাছত বৰাকৰ বান পৰিস্থিতি তদাৰক কৰাৰ বাবে শিলচৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা। উল্লেখ্য যে জেঠমহীয়া বানে বৰাকত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিশেষকৈ শ্রীভূমি জিলাত বানে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ বাবে জিলা প্রশাসনে বন্ধ ৰাখিব লগা হৈছে শিক্ষানুষ্ঠানৰ লগতে কেইবাটাও চৰকাৰী কাৰ্যালয়। মঙলবাৰে পুৱাৰ ভাগতে শিলচৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° শর্মাই বানপীড়িতই আশ্রয় লৈ থকা শিবিৰসমূহ ভ্রমণ কৰে। মুখ্যমন্ত্ৰীয়ে শিলচৰৰ চৰকাৰী বয়জ এইচএছ স্কুল, নর্মাল স্কুল, কেন্দ্রীয় বিদ্যালয়, কচমিক কমপ্লেক্স মার্কেট, হিৰণপ্রভা দেৱ শিশু মন্দিৰ আৰু উকীল বজাৰ এল পি স্কুলত স্থাপন কৰা আশ্রয় শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িতসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে উদ্ধাৰ আৰু সাহায্য সন্দৰ্ভতো বাৰ্তালাপ কৰে। মুখ্যমন্ত্রী ড° শর্মাক মন্ত্রী পীযূষ হাজৰিকা, কৌশিক ৰয়, কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্য, বিধায়ক দ্বিপায়ন চক্রৱতীকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে এই সময়ছোৱাত সংগ দিয়ে । বান শিবিৰ পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্রী ড° শর্মাই জিলা উপায়ুক্ত মৃদুল যাদৱক বানপীড়িতসকলক সকলোধৰণৰ অত্যাৱশ্যকীয় সাহায্য সামগ্রী যোগানৰ নিৰ্দেশ দিয়াৰ লগতে শিশুসকল মাতৃসকলৰ বাবে বিশেষ খাদ্য যোগানৰ দিশটোতো নজৰ দিবলৈ নির্দেশ দিয়ে। আনহাতে, বান শিবিৰসসমূহত ২৪ ঘণ্টাই চিকিৎসা সেৱা আৰু বিশুদ্ধ খোৱা পানীৰ সুবিধা নিশ্চিত কৰিবলৈও প্রশাসনক জিলা আয়ুক্তই নির্দেশ দিয়ে। মুখ্যমন্ত্রী ড° শর্মাই জিলা প্রশাসনক বানপানী হ্রাস পোৱাৰ লগে লগে শিবিৰৰ লোকসকল ঘৰলৈ উভতি যোৱাৰ ক্ষেত্ৰত প্ৰশাসনক সহায় কৰাৰ বাবেও নির্দেশ দিয়ে। ইফালে, বান পৰিস্থিতি তদাৰকৰ পাছতেই শিলচৰ জিলা আয়ুক্তৰ কাৰ্যালয় কনফাৰেঞ্চ হলত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয় যে বৰাক নদী যদিও বিপদসীমাৰ ওপৰেৰে প্ৰবাহিত হৈ আছে, এতিয়ালৈকে কোনো ঠাইতে মথাউৰি ছিগা নাই। পৰিস্থিতিৰ ওপৰত জিলা প্রশাসনে সতর্ক দৃষ্টি ৰাখিছে। আনহাতে, শিলচৰ চহৰত হোৱা কৃত্রিম বানৰ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° শর্মাই কয় যে বৰাকৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে বেটুকান্দিৰ দৰে শুইচ গেট মুকলি কৰিব পৰা হোৱা নাই। ইয়াৰ ফলত চহৰখনৰ দ ঠাইসমূহ প্লাবিত হৈ পৰিছে। তেওঁ কয়- বৰাক নৈখন ২১.৪১ মিলিমিটাৰৰ ওপৰেৰে বৈ আছে। বানৰ ফলত কাছাৰ জিলাৰ ৫টা ৰাজহ চক্ৰ ক্ষতিগ্রস্ত হৈছে আৰু ১৪৬ গাঁও প্লাৱিত হৈছে, এজন লোকৰ মৃত্যু হৈছে, জিলাখনত ৯০টা সাহায্য শিবিৰ মুকলি কৰা হৈছে, ৯০,২৪৯জন বানাক্ৰান্তই শিবিৰত আশ্ৰয় লৈ আছে। মুখ্যমন্ত্রী ড° শর্মাই ইয়াকো স্পষ্ট কৰে যে কাছাৰ জিলাত এতিয়ালৈ কোনো মথাউৰি ভগা নাই যদিও ১৫টা মথাউৰিৰ ওপৰত প্ৰশাসনে বিশেষ নজৰ দি ৰাখিছে। মুখ্যমন্ত্রী ড° শর্মাই ইয়াকো জানিবলৈ দিয়ে যে বেৰেংগা মথাউৰি প্ৰকল্পৰ বাবে ইতিমধ্যে ১ কোটি ৬৯ লাখ টকা মুকলি কৰি দিয়া হৈছে। প্রকল্পটো সম্পূর্ণ কৰিবলৈ অতিৰিক্ত পুঁজিৰ প্ৰয়োজন হ’লে তেনে পুঁজি আবণ্টন দিয়া হ’ব। মন্ত্রী পীযূষ হাজৰিকাই অহা ১০ জুনত বেৰেংগা ভ্ৰমণ কৰি মথাউৰিৰ অগ্ৰগতিৰ কাম তদাৰক কৰিব। আনহাতে, ২৮ জুলাইৰ ভিতৰত কাটিগড়া গেমন সেতুৰ কাম সম্পূৰ্ণ কৰা হ’ব। মুখ্যমন্ত্ৰী ড° শর্মাই লগতে উল্লেখ কৰে যে বানৰ ফলত আবদ্ধ হৈ পৰা পানী নিষ্কাশন কৰিবলৈ ১০টা পানী পাম্প স্থাপনৰ বাবে পদক্ষেপ লোৱা হৈছে আৰু প্ৰয়োজন অনুসৰি এই সংখ্যা বৃদ্ধি কৰিবলৈ জিলা আয়ুক্তক নির্দেশ দিয়া হৈছে। শিলচৰৰ বাবে এটা নির্দিষ্ট পাম্পিং ষ্টেচন স্থাপনকে ধৰি বৰাকৰ বান সমস্যা সমাধানৰ দিশতো চৰকাৰখনে গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড° শর্মাই শিলচহৰত আবদ্ধ পানীৰ সমস্যা সমাধানৰ বাবে চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত জলাশয় সংৰক্ষণ কৰাত গুৰুত্ব আৰোপ কৰে।