পঞ্চায়ত নিৰ্বাচন ফলাফলত উৎফুল্লিত ১ নং ৰামপুৰ গাওঁ,৩ নং ৱাৰ্ডত খালিদাজীয়াৰ জয়লাভ

পঞ্চায়ত নিৰ্বাচন ফলাফলত উৎফুল্লিত ১ নং ৰামপুৰ গাওঁ,৩ নং ৱাৰ্ডত খালিদাজীয়াৰ জয়লাভ

বুলমণি বৰি, লখিমপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  সদ্য সমাপ্ত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত লখিমপুৰ জিলাৰ নাওবৈচা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰামপুৰ বগীবিল গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ সদস্যা খালিদাজীয়া জয়ী হয়। উল্লেখ্য যে পঞ্চায়তখনৰ অন্যতম গাওঁ ১ নং ৰামপুৰ তথা ৩ নং ৱাৰ্ডৰ ৰাইজৰ মনোনীত সদস্য পদৰ প্ৰাৰ্থী খালিদাজীয়াৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী ক্ৰমে জলফুকাৰ আলি, ছাহজাহান আলি, ইছমাইল আলি, ইক্ৰামূল হুছেইন, আৰু হাজেৰা বেগমক মুঠ ১৭ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰাপ্ত তথ্য অনুসৰি পঞ্চায়তখনৰ ৩ নং ৱাৰ্ডত মুঠ পুৰুষ মহিলা ভোটাৰ আছিল ১১৭২ গৰাকী। ইফালে যোৱা ২  মে’ৰ দিনা অনুষ্ঠিত হোৱা ভোটদান কাৰ্যত অংশগ্ৰহণ কৰে মুঠ ১০৮৪ গৰাকী ভোটাৰে। ইয়াৰ ভিতৰত খালিদাজীয়াই ২২৯ টা ভোট লাভ কৰে। প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী জলফুকাৰ আলিয়ে লাভ কৰে ২১২ টা ভোট, ছাহজাহান আলি ১৭২ , ইছমাইল আলি ১৬৭, ইক্ৰামুল হুছেইন ৮৫ আৰু হাজেৰা বেগমে লাভ কৰে ৮৩ টা ভোট। আনহাতে মুঠ ১৩৬ টা ভোট ভিন্ন কাৰণত অবৈধ ঘোষণা কৰে নিৰ্বাচন আয়োগে।এই ফলাফল ঘোষণা হোৱাৰ পিছত ৱাৰ্ডৰ ভোটাৰ সকলে খালিদাজীয়াক অভিনন্দন আৰু শুভেচ্ছাৰে উপচাই পেলায়। ৱাৰ্ড সদস্যা হিচাপে খালিদাজীয়াই জয়ী হৈ ভোটাৰ সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই গাওঁখনৰ উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে সমাজৰ সেৱা কৰিব বুলি মনৰ ভাৱ প্ৰকাশ কৰে।