জীৱন এক প্ৰলয় – অনন্ত কুমাৰ ভূঞা

জীৱন এক প্ৰলয়

অনন্ত কুমাৰ ভূঞা

ৱাৰ্ড নং-৩ , নকাড়ী , উত্তৰ লক্ষীমপুৰ
সঞ্জীৱনী মন্ত্ৰৰে প্ৰতিপালিত জীৱন
চক্ৰবেহুত সোমালে পথ হেৰুৱাই
অস্ত্ৰোপচাৰ কক্ষত পৰি থাকে বেহুচ হৈ
সাৰ পোৱাৰ সময় পাহৰে ।
ঘাঁ‌ লগা ঠাই উৱলি যায়
আৰোগ্য হোৱাৰ নিশ্চয়তা নাই
কাৰণ
বিষাক্ত বীজাণুৱে
অবৈধ দখলদাৰী ৰূপত থিতাপি লয় ।
নৈখনৰ দৰে সদাব্যস্ত জীৱন
বুকুত লৈ ফুৰে কষ্ট ,
দুখৰ হুমুনিয়াহ লেকেটা হৈ লাগি ধৰে
সুখ পৈনত নৌ হওঁতে জীৱনে কলমতিয়াই  ।
কেতিয়াবা উজ্জ্বলি উঠে ভোটাতৰা হৈ
হঠাৎ খহি পৰে পপীয়াতৰাৰ ৰূপ লৈ  ,
কুঁ‌হিপাতৰ দৰে প্ৰাণচঞ্চল বসন্ত ঋতুত
শৰদী সন্ধ্যা ভাবুক প্ৰৱণ ,
কেতিয়াবা অনুতাপত জুৰুলা যৌৱন
বিতুষ্ট ভংগিমাত হেৰায় একাজলি মৰম
অদৃশ্য জনৰ ডায়েৰী পাতত
জীৱনৰ কথাবোৰ লিপিবদ্ধ হয়।
তথাপিও
বিপৰ্যয়ৰ  মাজতো বাসনা ওপজে,
তিক্ত উপঢৌকন জীৱনে গ্ৰহন কৰে
সেই সময়ত
ইচ্ছা ব্যক্ত কৰিবলৈ শব্দ নুফুটে
থৰক-বৰক খোজ লাখুটিৰ ভৰত
শ্ৰৱণ শক্তি ভাগৰুৱা ভীক্ষাৰি ভেশত
সু-প্ৰভাত দিওতে বিভ্ৰাট ঘটে
ৰক্ত চাপত পুৱাই ঢলি পৰে
বেমেজালিয়ে অকাল মৃত্যু মাতে  ।
জীৱন কৰুণ নিদাৰুণ
চেতনা টোপনিত লালকাল
প্ৰচণ্ড প্ৰলয়ে কঢ়িয়াই জঞ্জাল ,
কৰ্মফল বুলি বহুজনে গন্য কৰে
পুৰ্বজন্ম বিস্বাসী সকলৰ বাবে অভিশাপ
নে জন্মান্তৰত কেৰোণে ধৰা আশীৰ্বাদ ?