নাৰীৰ মৰ্ম বেদনা
অনিমা মাধৱ বৰঠাকুৰ
“মা’ তোমাৰ কাম কৰি শেষ হৈছেনে “? কিমান ৰাতি হ’ল শুৱলৈ আহিবলৈ হোৱাই নাই ঘৰখনৰ বাকীবোৰ মানুহ শুৱলৈ গ’ল।তোমাৰ হে ৰাতি এদো খৰলৈকে কামৰ আহৰি নাই।ক’তো কেনিও ফুৰিবলৈ যাবলৈকো সময় নাই। গৃহ বন্দী হৈ ঘৰৰ কামকে মোৰ বুলি থাকা।এইয়া ঘৰ খনৰ মানুহ বোৰৰ এক প্ৰকাৰৰ শোষন বুলিয়েই মই ভাৱো।ঘৰখনৰ কামবোৰ তুমিয়েই যে অকলে সকলো চম্ভালি থাকা ।খুৰি, বৰ’মা হতেও টো কৰিব পাৰে “।
“হ’ব দে মাজনী কাম কৰি আছো বাবেই শৰীটো ঠিকেই চলি আছে বুজিছ।বৰ’ মা আৰু খুৰীয়েৰাই চাকৰি কৰাৰ বাবে দিনটো বৰ কষ্ট হয়।সেয়েহে মইয়ে তেওঁলোকক কাম-বন কৰিবলৈ নিদিওঁ। হ’ব মাজনী এনেকৈয়ে ঘৰ খন সুখ-শান্তিৰ মাজেৰে চলি থকাটোহে মই বিচাৰো।যিমান দিনলৈকে আজুৰি ফুৰিব পাৰো সিমান দিনলৈকে আজুৰি থাকিম দুহাতেৰে “।
“মা’তোমাৰোটো পঢ়া-শুনা আছিল তুমিও বিয়াৰ আগতে চাকৰি কৰিছিলা বুলি গম পাইছিলোঁ।কিন্তু বিয়াৰ পাছত চাকৰিটো কিয় এৰি দিলা ।দেউতাৰ মৃত্যুৰ পাছৰ পৰা আমি তিনিটা প্ৰাণী কিমান অভাৱৰ মাজত চলি আছো তাক জানো ঘৰ খনৰ মানুহে খৱৰ ৰাখে।তুমি যে তেওঁলোকৰ কথা ইমান চিন্তা কৰি থাকা”।
“তহঁতৰ দেউতাৰ মৃত্যুৰ সময়ত তহঁত দুটা বহুত সৰু আছিলি।মই তহঁতক লৈ অকলে থকাটো অসম্ভৱ কাৰণ দিন-কালৰ গতি বৰ বেয়া।সেইবোৰ বহুত কথা ।তোৰ পিতৃয়ে মই চাকৰি কৰাতো ভাল নাপাইছিল।দেউতাৰৰ মতে বোৱাৰী মানুহে ঘৰ সংসাৰ মাজতে আৱদ্ধ থাকিব লাগে।আমি নাৰী যেতিয়া আমাৰ মৰ্ম বেদনা কোনেনো বুজিব।বিয়াৰ পাছত কিছুমান নাৰীয়ে নিজস্বতা বিৰ্সজন দি আনৰ সুখ-শান্তিৰ কথাহে ভাবিৱ লগীয়া হয়।মোৰ ক্ষেত্ৰতো সেয়ে হ’ল”।
“মই কিন্তু তোমাৰ ইমান কষ্ট চাই থাকিব নোৱাৰো। মই তোমাক কামত সহায় কৰি দিব বিচাৰিলেও তুমি নিদিয়া কিয়?তুমি যেতিয়া বিচনাত পৰি উজাগৰী নিশা উচুপি থাকা আৰু মই তোমাৰ কাষত উপায় বিহীন হৈ শুই থাকো।মোৰ ভাল চাকৰি এটা হ’লে তোমাক আৰু ভাইটিক লৈ ইয়াৰ পৰা আতৰি যাম।তুমি কিন্তু নাযাও বুলি নকবা”।
“মাজনী তই তেনেকৈ নাভাবিবি দেউতাৰ ঢুকুৱাৰ পাছৰ পৰাই তহঁতৰ অভিভাৱক তেওঁলোক।আমি সকলো মিলি-জুলি আছো বাবেই পৰৰ মানুহে আসৈ পোৱা নাই।মই কাম কৰাক লৈ তই ইমান চিন্তিত ন’হবি।মোৰ বহুতো মৰ্মবেদনা আছে তথাপিও সকলোৰে লগত মিলি-জুলি চলি আছো ,তহঁত দুটাক ডাঙৰ কৰাৰ স্বাৰ্থত” ।