সময়
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
ন বাজিল খৰধৰকৈ স্কুলত যাব সাজু হৈছে। দেউতাকৰ ৰিক্সাখনত উঠিল।
বোপা আজি তই খোজ কাঢ়িয়ে যা। মোৰ এঠাইত যাব লগা আছে কাইলৈ নিম দে ।
ঠিক আছে দেউতা, স্কুল ছুটী হ’লে আহোঁতে উঠাই আনিবা । বহি শেষ হৈছে অসমীয়া,ইংৰাজি কাৰণে দুটা বহি একেলগে পাৰিলে কিনিব লাগিব নহ’লে মানসী বাইদেউ বেয়া পাব হোমৱৰ্ক দিছে।
তেওঁ হয়ভৰ দিয়ে।মাক নথকা সন্তানক ডাঙৰ কৰিবলৈ কিমান কষ্ট কৰিবলগীয়া হয় তেওঁহে জানে।পিতৃ-মাতৃ দুয়োৰে দায়িত্ব ভাত ৰন্ধা আদি কৰি এশ এবুৰী কাম । ৰিক্সাখনে একমাত্ৰ সাৰথি ।সন্ধিয়া তেওঁ ৰিক্সা নচলাই ল’ৰাৰ পঢ়াৰ কাৰণে ঘৰতে থাকে তাৰ খোৱা বোৱাৰ যত্ন লয়।
সময় গৈ থাকিল সিও স্কুল/কলেজ এঢাপ এঢাপকৈ অতিক্ৰম কৰিলে।আজি বিশিষ্ট অতিথি আসনৰ পৰা মাইক্ৰফোনটো হাতত লৈ সি নিজৰ শৈশৱ জীৱনৰ স্মৰণীয় দিনবোৰৰ কথা কৈ গ’ল ।দেউতাকে জিৰণি লোৱা সময়ত পুৰণি ৰিক্সাখনত বহিয়েই সি পঢ়িছিল,কেতিয়াবা বিদ্যালয়ৰ পৰা ঘৰলৈ দেউতাকৰ সৈতে আহে । তেনেকৈয়ে সি পঢ়িশুনি প্ৰশাসনিক বিষয় হিচাপে নিয়োজিত হ’ল ।গতিকে কোনো কামত একাগ্ৰতাৰে কৰিলে এদিন নিশ্চয় সফল হ’ব পাৰি মাত্ৰ লক্ষ্য স্থান স্থিৰ কৰিব লাগিব।