UPSCৰ ফলাফলত ৪৭৪ সংখ্যক স্থানত জিলিকিল অসম সন্তান ভাস্বত শইকীয়া

UPSCত ৪৭৪ সংখ্যক স্থানত জিলিকিল নগাঁৱৰ ভাস্বত শইকীয়া

ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে ঘোষণা কৰা হয় কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০২৪ বৰ্ষৰ ফলাফল।  কেন্দ্রীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ৪৭৪ সংখ্যক স্থান দখলেৰে অসমৰ নাম উজলালে নগাঁৱৰ ভাস্বত শইকীয়াই। নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী ডিফলুৰ বীৰেন্দ্ৰনাথ শইকীয়া আৰু দিব্যজ্যোতি শইকীয়াৰ পুত্ৰ ভাস্বতে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত শিক্ষা গ্রহণ কৰিছিল। তেওঁ নগাঁৱৰ বাল্য ভৱনত প্রাথমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত পঞ্চম শ্ৰেণীৰ পৰা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত অধ্যয়ন কৰে। ভাস্বতে ২০১২ বর্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ অসমৰ ভিতৰত দশম স্থান দখল কৰিছিল। পৰৱৰ্তী সময়ত গুৱাহাটী আই আই টিৰ পৰা সুখ্যাতিৰে বি টেক পৰীক্ষাত উত্তীর্ণ হোৱা ভাস্বতে চিটি গ্ৰুপৰ ছফ্টৱেৰ ডেভেলপাৰৰ পদত নিযুক্তি লাভ কৰিছিল। ২০২২ বর্ষত ভাৰতীয় বন সেৱাৰ পৰীক্ষাত ৬৮সংখ্যক স্থান লাভ কৰা ভাস্বতে পুনৰ ২০২৪ চনত কেন্দ্রীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ৫৫২সংখ্যক স্থান লাভ কৰিছিল। এইবাৰ মেধাৱী ছাত্ৰজনে পুনৰ লোকসেৱা আয়োগৰ পৰীক্ষাত ৪৭৪ সংখ্যক স্থান লাভ কৰে।ভাস্বতৰ এই সাফল্যত পৰিয়ালৰ লগতে ৰাজ্যবাসী উৎফুল্লিত ।