ঘোষণা হ’ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় লোকসেৱা আয়োগে অসামৰিক সেৱাৰ পৰীক্ষা ২০২৪ৰ ফলাফল ঘোষণা কৰিছে। ঘোষিত ফলাফল অনুসৰি শক্তি ডুবেই প্ৰথম স্থান দখল কৰাৰ বিপৰীতে হৰ্ষিতা গোৱেলে দ্বিতীয় আৰু ডংগ্ৰে আৰ্চিতে তৃতীয় স্থান লাভ কৰিছে। প্ৰথম স্থানপ্ৰাপক শক্তি ডুবে এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা জৈৱ ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছে। UPSC এ জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে তেওঁ ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক (international relations) ঐচ্ছিক বিষয় হিচাপে লৈ পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল ।দ্বিতীয় স্থান লাভ কৰা হৰ্ষিতা গোয়েলে বৰোদাৰ এম এছ ইউনিভাৰ্চিটিৰ (MS University of Baroda) পৰা B.Com সম্পূৰ্ণ কৰিছে। হৰ্ষিতা গোয়েলে ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক ঐচ্ছিক বিষয় হিচাপে লৈ দ্বিতীয় স্থান দখল কৰে । ভি আই টি, ভেলোৰৰ প্ৰাক্তন ছাত্ৰ ডংগ্ৰে আৰ্চিট পৰাগে দৰ্শনক নিজৰ ঐচ্ছিক বিষয় হিচাপে লৈ তৃতীয় স্থান দখল কৰিছে।তেওঁ ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙৰ স্নাতক। চতুৰ্থ আৰু পঞ্চম ৰেংক লাভ কৰা শ্বাহ মাৰ্গী চিৰাগ আৰু আকাশ গাৰ্গেও অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিছিল। ২০২৪ চনৰ ১৬ জুনত অনুষ্ঠিত অসামৰিক সেৱাৰ পৰীক্ষাত মুঠ ১,০০৯ গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। এই পৰীক্ষাত মুঠ ৫,৮৩,২১৩ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। প্ৰাৰম্ভিক পৰীক্ষাৰ পাছত ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা লিখিত (মূল) পৰীক্ষালৈ মুঠ ১৪,৬২৭ গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছিল।ইয়াৰ ভিতৰত ২,৮৪৫ গৰাকী পৰীক্ষাৰ্থীয়ে পৰৱৰ্তী পৰ্যায়লৈ উত্তীৰ্ণ হৈছিল। আজি প্ৰকাশিত চূড়ান্ত ফলাফল অনুসৰি মুঠ ১০০৯ জন প্ৰাৰ্থী (৭২৫ জন পুৰুষ আৰু ২৮৪ গৰাকী মহিলা)ক আয়োগে বিভিন্ন সেৱাত নিযুক্তিৰ বাবে নিৰ্বাচিত কৰিছে।