পৃথিৱী এতিয়া নৰিয়াত – অলকা বুজৰ বৰুৱা

পৃথিৱী এতিয়া নৰিয়াত

অলকা বুজৰ বৰুৱা,
টিহু টাউন ৩নং ৱাৰ্ড,নলবাৰী

পৃথিৱীৰ আজি কিছুদিনৰ পৰা অসুখ
চৌদিশে মাথো মৰা শৰ গোন্ধ
জীৱন এতিয়া ভাৰাক্ৰান্ত
অসুখীয়া দেহবোৰ কঢ়িয়াই
বতাহত উমলি ফুৰিছে
অসুখীয়া পৃথিৱীৰ হাহাকাৰ
সৰ্বত্ৰতে বিয়পিছে ত্ৰাসৰ দাবানল
আৰু বা হেঁপাহৰ কেইটা দিন
পৃথিৱীৰ কোলাত!
কাৰণ জীৱনবোৰ এতিয়া মৃত্যুমুখী
কলিজাটি খামুচি হাতৰ মুঠিত
জীৱন আজি মৃত্যুৰ সহযাত্ৰী
আইৰ চকুলৈ চাব নোৱাৰি
বৈ থাকে কেৱল দুখৰ এখন নৈ
বুকুখন হেনো হেচা মাৰি ধৰে
কোনোবা যমদূত নে দেৱদূতে
মৰা শ বোৰৰ কিৰিলি শুনি
জয়াল সময়ৰ হাতোৰাত বন্দী
জীৱনবোৰ ৰৈ আছে মৃত্যুৰ দুৱাৰডলিত
কোন আগত কোন পিছত ক’বতো নোৱাৰি
কোনোৱে কাৰো ওচৰ চাপিব পৰা নাই
কাৰণ পৃথিৱী এতিয়া টান নৰিয়াত।