ব’হাগ বিহুৰ পূৰ্বে ঘোষণা হ’ব পাৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল

Pc DNA India

ব’হাগ বিহুৰ পূৰ্বে ঘোষণা হ’ব পাৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল

ৰঙিলী বাৰ্ত্তাসেৱা- ব’হাগ বিহুৰ আগে আগে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পূৰ্ণ সম্ভাৱনা আছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ড (এএছএছইবি)-এ নিখিল বড়ো ছাত্র সন্থা (এবছু)ক এই কথা উল্লেখ কৰিছে। উল্লেখ্য যে এএছএছইবিৰ অধ্যক্ষ আৰ চি জৈনৰ সৈতে এবছুৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যতঃ বড়ো মাধ্যমৰ শিক্ষাৰ সম্প্ৰসাৰণ, সদ্যসমাপ্ত মেট্রিক পৰীক্ষাত বড়ো ভাষাত প্ৰথমবাৰলৈ পাঁচ সহস্রাধিকতকৈ অধিক ছাত্র-ছাত্রীয়ে অৱতীৰ্ণ হোৱা তথা বড়ো  মাধ্যমত শৈক্ষিক বিষয়াৰ নিযুক্তিৰ বিষয়টোক লৈ এএছএছইবিৰ অধ্যক্ষৰ সৈতে অনুষ্ঠিত হোৱা এই বৈঠকতে ব’র্ডে কেতিয়ালৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা অথবা মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব, সেই সন্দৰ্ভতো আলোচনা হয়। এই বৈঠকৰ পাছতেই এবছৰ সভাপতি দীপেন বড়োৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ব’হাগ বিহুৰ পূর্বেই মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে বিদ্যালয় শিক্ষা ব’ৰ্ডৰ। আনহাতে, মে’ মাহৰ প্ৰথম সপ্তাহতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। এই কথা এএছএছইবিৰ অধ্যক্ষ আৰ চি জৈনে এবছুক অৱগত কৰিছে। ইফালে, বৈঠক সন্দৰ্ভত বিস্তৃত ব্যাখ্যা কৰি দীপেন বড়োৱে জানিবলৈ দিয়ে যে এইবাৰ মেট্ৰিকত ৫,১১৩ গৰাকী ছাত্র-ছাত্রীয়ে বড়ো মাধ্যমত প্ৰথমবাৰৰ বাবে পৰীক্ষা দিছে। সেয়েহে পৰীক্ষাৰ ফলাফলক লৈ এবছুৱে যথেষ্ট উৎকণ্ঠাৰে বাট চাইছে। তদুপৰি এই ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলত যাতে কোনোধৰণৰ ত্রুটি ৰৈ নাযায়, সেই বিষয়ে অধ্যক্ষগৰাকীক অৱগত কৰা হয়। বৈঠকত বড়ো মাধ্যমৰ শৈক্ষিক বিষয়া নিযুক্তিৰ বিষয়টো সন্দর্ভতো বিস্তৃত আলোচনা হয় আৰু এসপ্তাহৰ ভিতৰতে এই শৈক্ষিক বিষয়াৰ নিযুক্তিৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব বুলি অধ্যক্ষগৰাকীয়ে আশ্বাস দিয়ে।