ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত  তিনি ভাতৃ উচ্চ শিক্ষানুষ্ঠানৰ উদ্যোগত বিহু আখৰা

ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত  তিনি ভাতৃ উচ্চ শিক্ষানুষ্ঠানৰ উদ্যোগত বিহু আখৰা:
নিজা সংস্কৃতিক অৱহেলা কৰা জাতি চিৰকাল জীয়াই নাথাকে : অধ্যক্ষ ড° শ‍ইকীয়া
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  নিজা ভাষা-সংস্কৃতি, ৰীতি-নীতি, পৰম্পৰাক অৱহেলা কৰা কোনো জাতিয়ে চিৰকাল পৃথিৱীত জীয়াই নাথাকে। নিজা ভাষা-সংস্কৃতি পৰম্পৰাক ভালপোৱা জাতি পৃথিৱীত স্বাভিমানী হিচাপে জীয়াই থাকিব পাৰে। ডিব্ৰুগড় হনুমান বক্স সূৰজমল কানৈ মহাবিদ্যালয়, ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয় আৰু ডিব্ৰুগড় মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰ একতাসভা আৰু আছু গোটৰ উদ্যোগত ডি এইচ এছ কানৈ মহাবিদ্যালয়ৰ সেউজীয়া বাকৰিত অনুষ্ঠিত হোৱা বিহুৰ আখৰা আৰু ৰঙালী বিহু আদৰণী কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডি এইচ এছ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াই এইদৰে কয়। তিনি ভাতৃ উচ্চ শিক্ষানুষ্ঠানৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে একেলগ হৈ অনুষ্ঠিত কৰা এনে কাৰ্যসূচীত অধ্যক্ষ গৰাকীয়ে কয় – বৰ্তমান সময়ত পৃথিৱীৰ চুকে-কোণে বহু জাতি সাংস্কৃতিক হীনমন্যতাৰ কৱলত পৰিছে আৰু বহু জাতিক দূর্বল কৰি তুলিছে। পৃথিৱীৰ এচাম জাতিৰ মাজত ‘সাংস্কৃতিক হীনমন্যতা’ৰ যুগ চলি থকা বুলি উল্লেখ কৰিতেওঁ কয়- -এনে সময়ত এচাম মানুহে নিজৰ ভাষা-সংস্কৃতি, ৰীতি-নীতি, পৰম্পৰাক গ্ৰহণ কৰিবলৈ লাজ পোৱা হৈছে। এটাজাতিৰ বাবে সংস্কৃতি আত্মা, সত্তা, অস্তিত্ব বুলি উল্লেখ কৰি তেওঁ কয়— যি জাতিয়ে নিজৰ সংস্কৃতিৰ মূল্য অনুভৱ নকৰে,নিজৰ সংস্কৃতিক লৈ গৌৰৱ কৰিবলৈ নিশিকে, আন জাতিৰ সংস্কৃতিক অন্ধভাৱে অনুকৰণ কৰে, সেই জাতি পৃথিৱীৰ ইতিহাসত বৰ বেছিদিন বাচি থাকিব নোৱাৰে বুলি কয় । তেওঁ কয়— অসমীয়া জাতিয়ে তিল পিঠা, ঘিলা পিঠাৰ পৰিৱৰ্তে পীজ্জা, বাৰ্গাৰখাই ভালপোৱা হৈছে। তেওঁ কয়— যি জাতিয়ে নিজৰ সংস্কৃতি-পৰম্পৰা, খাদ্যক অৱহেলা কৰিবলৈ ধৰে সেই জাতিয়েনিজৰ অস্তিত্ব হেৰুৱাৰ দিশে আগুৱাই যোৱা বুলি অনুভৱ কৰিব পাৰি। অধ্যক্ষ গৰাকীয়ে কয়— সংস্কৃতি কেৱল নৃত্য, গীত,বাদ্য নহয়, ই হ’ল ভাষা, ধৰ্ম, আচাৰ, ব্যৱহাৰ, নৈতিকতা, শিল্প, সাহিত্য আদিৰ যোগফল। নিজৰ সংস্কৃতিক পৰিত্যাগ,অৱহেলা, উপেক্ষা কৰি যেতিয়াই এটা জাতি আগুৱাই যায়, সেই জাতিৰ পৰৱৰ্তী সময়ত জাতিগত চেতনা ক্ষীণ হৈ পৰে আৰু ভৱিষ্যতে সেই জাতি বিশ্বৰ মানচিত্ৰৰ পৰা বিলুপ্ত হৈ পৰে। তেওঁ সংস্কৃতি, পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত তিনি মহাবিদ্যালয়ৰ ছাত্ৰএকতা সভাৰ যৌথ উদ্যোগত এনেদৰে বিহু আখৰা, আদৰণী অনুষ্ঠান আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপনকৰে আৰু ভৱিষ্যতে এই ধাৰ অব্যাহত ৰাখিবলৈ আহ্বান জনায়। অনুষ্ঠানত মোনহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অনুপজ্যোতি ভৰালী, কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেৱ গগৈ প্ৰমুখ্যে তিনি মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা, ছাত্র-ছাত্রীসকল উপস্থিত থাকে। অনুষ্ঠানত তিনিওখন মহাবিদ্যালয়ৰ অধ্যক্ষক ফুলাম গামোছা, চেলেং চাদৰ,জাপি আৰু সম্বৰ্ধনা পত্ৰৰে উষ্ম সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিহুৰ পিঠা-পনাৰ একবাণিজ্য মেলাও তিনি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত অনুষ্ঠিত হয়।