সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্রদীপ নাগৰ মৃত্যুত অসম সাহিত্য সভাৰ শোক প্ৰকাশ
ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্রদীপ নাগৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম সাহিত্য সভাই। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিযোগে কয় যে-প্রদীপ নাগ এজন উৎসাহী আৰু সমাজসেৱামূলক কর্মত সদায় আগভাগ লৈছিল। এনে ব্যক্তিৰ বিয়োগ অসমীয়া সমাজ তথা আদিবাসী সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। আদিবাসী সমাজৰ প্রতিবাদী কণ্ঠস্বৰ প্ৰদীপ নাগ সদায় আদিবাসী সমাজৰ অধিকাৰ, শিক্ষাগত উন্নয়ন আৰু সামাজিক ন্যায়ৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰিছিল। তেখেতৰ বলিষ্ঠ নেতৃত্বই বহুসময়ত আদিবাসী সমাজক সাহস যোগাইছিল। আজি সন্ধিয়া অসম সাহিত্য সভাৰ গুৱাহাটী কার্যালয়ত প্রধান সম্পাদক দেৱজিৎ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত এখন শোক সভাত এক মিনিট সময় মৌন প্রার্থনা কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।