ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ঔপন্যাসিক-অভিনেত্ৰী গীতাৱলী বৰুৱাৰ বিয়োগত অসম সাহিত্য সভাৰ শোক

ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ঔপন্যাসিক-অভিনেত্ৰী গীতাৱলী বৰুৱাৰ বিয়োগত অসম সাহিত্য সভাৰ শোক

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ, অভিনেত্ৰী তথা অসম সাহিত্য সভাৰ অন্তৰ্গত ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গীতালী বৰুৱাৰ পৰলোকপ্ৰাপ্তিত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই সভাৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছে। অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক, ব্যতিক্ৰম জীৱনজোৰা সাধনা বঁটা লাভ কৰা সু-সাহিত্যিক গৰাকীৰ মৃত্যুক অসমীয়া জাতিৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি সভাই গীতালী বৰুৱাৰ স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনাৰে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । ইফালে, বিয়লি ৩ বজাত সভাৰ যোৰহাট কেন্দ্ৰীয় কাৰ্যালয়ত সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত, গুৱাহাটী কাৰ্যালয়ত প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ পৌৰোহিত্যত আৰু ধুবুৰী আঞ্চলিক কাৰ্যালয়ত ড০ উমেশ দাসকে ধৰি অন্য আঞ্চলিক কাৰ্যালয়সমূহতো পতাকা অৰ্ধনমিত কৰি শোকসভা অনুষ্ঠিত কৰা হয়।