বেংগালুৰুক ৮ উইকেটত পৰাস্ত কৰে গুজৰাট টাইটানছে

বেংগালুৰুক ৮ উইকেটত পৰাস্ত কৰে গুজৰাট টাইটানছে

ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৮ উইকেটত সহজ জয় গুজৰাট টাইটানছৰ ৷বেংগালুৰুৱে জয়ৰ বাবে বান্ধি দিয়া ১৭০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি জ’ছ বাটলাৰৰ দুৰ্দান্ত অপৰাজিত ৭৩ ৰানৰ সহায়ত গুজৰাটে ১৭.৫ অভাৰত দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। অপেনাৰ ছাই সুদৰ্শনে ৪৯ আৰু অধিনায়ক গিলে ১৪ ৰান কৰি বিদায় লয় যদিও শ্বেৰফান ৰাডাৰফ’ৰ্ডে ৩০ ৰান কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰিবলৈ আহি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও লিয়াম লিভিংষ্টনৰ অর্ধশতকৰ সহায়ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬৯ৰান সংগ্ৰহ কৰে। ইনিংছৰ আৰম্ভণি মুঠেই সুখকৰ নাছিল বেংগালুৰুৰ। দলীয় স্ক’ৰ ৪২ ৰানতে আগশাৰীৰ বেটাৰ বিৰাট কোহলি (৭), দেৱদূত পাড়িকাল (৪), অপেনাৰ ফিল ছল্ট (১৪) আৰু অধিনায়ক ৰজত পাটিদাৰ (১২)ক হেৰুৱায়। অৱশ্যে লিভিংষ্টনে জিতেশ শৰ্মাৰ সৈতে লগ লাগি পঞ্চম উইকেটত ৫২ ৰান সংগ্ৰহ কৰি দলৰ বিপৰ্যয় কিছু ৰোধ কৰে। জিতেশে ২১টা বলত ৩৩ ৰান কৰি বিদায় লয়। ইফালে, ৪০টা বলত এটা চাৰি আৰু পাঁচটা ছয়েৰে ৫৪ ৰান কৰি আউট হোৱাৰ পূৰ্বে লিভিংষ্টনে সপ্তম উইকেট টিম ডেভিদৰ সৈতে গুৰুত্বপূৰ্ণ ৪৬ ৰান সংগ্ৰহ কৰে। ডেভিদে ১৮টা বলত ৩২ ৰানৰ অৰিহণা আগবঢ়ায়। ক্রুনাল পাণ্ডিয়াই মাত্র ৫ ৰান কৰি বিদায় লয়। গুজৰাটৰ হৈ মহম্মদ ছিৰাজে সর্বাধিক তিনিটা উইকেট লাভ কৰে।