লুৰীণজ্যোতি গগৈ আছুৰ সাধাৰণ সম্পাদক থকা সময়ত বেংকৰ পৰা ধন উলিয়াই নিয়া বুলি বিশ্বজিৎ ফুকনে কৰা অভিযোগৰ প্ৰত্যুত্তৰ লুৰীণজ্যোতি গগৈৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ‘নিজৰ দুৰ্নীতি, অনিয়ম, কেলেংকাৰী ঢাকিবলৈকে বিধায়ক বিশ্বজিত ফুকনে আছুক লক্ষ্য কৰি লৈছে” বুলি আজি অভিযোগ উথ্থাপন কৰিছে লুৰীণজ্যোতি গগৈয়ে৷গগৈয়ে পুনৰ কয় যে”আছু জগৰীয়া নহয়, আছুৱে দম দি টকা লোৱা নাই” আছুৰ যৌথ একাউণ্ট,সভাপতি-সম্পাদৰ স্বাক্ষৰ অবিহনে ধন উলিয়ায় নিব নোৱাৰে’৷দম আছে যদি, সাহস আছে যদি কেলেংকাৰীৰ তদন্ত দিয়ক বিশ্বজিৎ ফুকনে৷মুখ্যমন্ত্ৰীয়ে তদন্ত কৰি বিধায়ক বিশ্বজিৎ ফুকনক তাৎক্ষণিকভাৱে জে’ললৈ প্ৰেৰণ কৰিব লাগে৷ৰাইজক বিভ্ৰান্ত কৰা কথাবোৰ নকবলৈও বিধায়ক বিশ্বজিৎ ফুকনক সকীয়নী লুৰীণজ্যোতি গগৈৰ৷আছুত মই সম্পাদক হিচাপে থাকোতে দীপাংক নাথ সভাপতি আছিল৷দুয়োজনৰ চহী নহ’লে টকা উলিয়াব নোৱাৰি৷বিশ্বজিত ফুকনে সভাপতিৰ নাম লোৱা নাই৷এয়া মোক বদনাম কৰাৰ গভীৰ ষড়যন্ত্ৰ৷আছুক নীতি বাহিৰ্ভূতভাৱে টকা যদি দিছে তাৰ বাবে বিশ্বজিত ফুকন দায়ী৷আমি তদন্ত বিচাৰিছোঁ, দম আছে যদি বিশ্বজিত ফুকনে সাহস দেখুওৱাক৷