শূন্যতাৰ শিলালিপি – নাচিমা য়াচমিন

শূন্যতাৰ শিলালিপি

নাচিমা য়াচমিন ,বিশ্বনাথ চাৰিআলি 

প্ৰাচীৰৰ চকুত খোদিত শিল ,
আত্মাৰ জুই এতিয়াও সতেজ, উজ্জ্বল,
থমকি ৰয় সন্ধিয়া, নীৰৱ হাঁহাকাৰ,
বৰষুণৰ পানীত উটি যায় সপোনৰ ঘৰ।
অভিমানৰ দলিচাত বিষাদ গজে,
নিশব্দ বতাহে ব্যেথা সিঁচে,
নক্ষত্ৰবোৰো আজি  পলায়নৰ খোজত,
শূন্য আকাশত বিষাদ ৰচে।
দেখানে তুমি?
প্ৰকৃতি-নটিনীৰ আঁচলত
আঁকি থোৱা বিষাদৰ ছাঁ?
শ্রৱণা নে তুমি?
শূন্য মৰুভূমিত বিলীন হোৱা ক্ৰন্দনৰ  বন্যা?
ভালপোৱাৰ শৱবোৰ এতিয়া
উকা পথাৰৰ বুকুত শুই আছে,
হিমবিন্দুৰ ঠাণ্ডাত মৰহি যোৱা স্বপ্নবোৰ
নীৰৱে উশাহ সলাইছে,,
ক’ত সেই উন্মাদ -উচ্ছ্বাস?
ক’ত সেই বিস্ফোৰিত আৱেগ?
ক’ত সেই কুঁৱলীৰ ছাতিত শুই থকা পৃথিৱী?
ক’ত সেই বুকু জুৰোৱা শব্দ,
য’ত হৃদয়ে এসময়ত
প্ৰলয় হোৱাৰ পথাৰত নাচি উঠিছিল!
তুমি এতিয়াও বন্দী নেকি?
প্ৰাচীৰৰ কঠিন শিলত?
নিভৃত অন্ধকাৰৰ ধ্বংসত?
নীৰৱতাৰ বিষাক্ত শিলালিপিত?