ভ্ৰাতৃত্ববোধ- সম্প্ৰীতিৰ বাণী বিলাই ডিব্ৰুগড়ত শান্তিপূৰ্ণভাৱে ঈদুল ফিতৰ উদযাপন: অনুষ্ঠান- প্ৰতিষ্ঠানৰ শুভেচ্ছা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো আজি (৩১-৩-২০২৫)পৱিত্ৰ “ঈদুল ফিতৰ” উৎসৱ পালন কৰা হয়। ইছলামধৰ্মী লোকসকলে সম্পূৰ্ণ এমাহ ৰোজাব্ৰত পালন কৰাৰ পাছত পৰম্পৰাগত ভাৱে ঈদ উদযাপন কৰে। ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰত থকা “ডিব্ৰুগড় কেন্দ্ৰীয় ঈদগাহ”ত প্ৰায় ৮(আঠ) হাজাৰ লোকে ঈদৰ নামাজত অংশগ্ৰহণ কৰে। শাৰীবদ্ধ ভাৱে কান্ধত কান্ধ মিলাই নামাজ পঢ়া দৃশ্য অতি মনোমোহা। ডিব্ৰুগড় কেন্দ্ৰীয় ঈদগাহত ঈদৰ নামাজত ইমামতি কৰে ডিব্ৰুগড় পল্টন বজাৰ মছজিদৰ পেচ ইমাম হাফিজ কাৰী মৌলানা মহম্মদ তনৱীৰ চাকৱী আশ্ৰফীয়ে। নামাজৰ শেষত ইমাম গৰাকীয়ে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত প্ৰেম,সম্প্ৰীতি আৰু ভ্ৰাতৃত্বৰ কথা কোৱাৰ লগতে বিশ্বশান্তি কামনা কৰি নেদেখাজনৰ ওচৰত দুহাত তুলি দোৱা- আশীৰ্বাদ কৰে। ডিব্ৰুগড় ঈদগাহ কমিটিৰ সম্পাদক আলহজ আমানুল্লা আনচাৰিয়ে উপস্থিত সকলোকে ঈদ মোবাৰক আৰু ধন্যবাদ জনোৱাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় কমিটিৰ সম্পাদক আলহজ চৌকত আলিয়ে। তেওঁ ডিব্ৰুগড় জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, বিদ্যুৎ বিভাগ, ডিব্ৰুগড় পৌৰসভা, সংবাদ মাধ্যমৰ আৰু ঈদগাহৰ কৰ্মী সকলে তেঁওলোকে আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ডিব্ৰুগড়ত বতৰ ফৰকাল হোৱা বাবে ডিব্ৰুগড়ৰ আমোলাপট্টিত থকা “আলহজ জালালউদ্দিন আহমেদ ঈদগাহ”ত প্ৰায় দুই হাজাৰ লোকে নামাজত অংশ গ্ৰহণ কৰে। ইয়াত ইমামতি কৰে অসম জামিউল মাদ্ৰাছাৰ মৌলানা মঞ্জুৰ আহমেদে। তেওঁ বিশ্ব শান্তিৰ বাবে পৰম কৰুণাময়ৰ ওচৰত দুহাত তুলি দেশৰ দহৰ বাবে প্ৰাৰ্থনা কৰে। ডিব্ৰুগড়ত থকা ৩০(ত্ৰিশ) টা মছজিদটো শান্তিপূৰ্ণভাৱে ঈদৰ নামাজ অনুষ্ঠিত হয়।ঈদ উপলক্ষে বিভিন্ন জনে শুভেচ্ছা বাণী পঠিয়াইছে। ডিব্ৰুগড়ৰ জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনৰ সভাপতি ডাঃ চাজিদ আহমেদ, সম্পাদক নাচিৰ চুলতান,কোষাধ্যক্ষ নেজিব হুছেইন ছাব্ৰী , চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি চেহিৰ আহমদ, সম্পাদক এম হাছিম আলী, উপ-সভাপতিদ্বয় আব্দুল খালেক, ৰফিক আহমেদ, ডিব্ৰুগড় ঈদগাহ সমিতিৰ সভাপতি আলহজ্ব আমানউল্লা আনচাৰি, সম্পাদক আলহজ্ব চৌকত আলি, কাৰ্যকৰি সভাপতি আব্দুল চাজিদ,ডিব্ৰুগড় জিলাৰ হিলাল কমিটিৰ সভাপতি আলহজ মৌলানা আইনান জুবেৰী,সম্পাদক আলহজ্ব নাচিমুল গণি, ডিব্ৰুগড় ইমাম পৰিষদৰ সভাপতি আলহজ্ব মৌলানা ছবিৰ আহমেদ, সম্পাদক আলহজ্ব মৌলানা আতিকুৰ ৰহমান কাচিমী, আলহজ জালাল উদ্দিন আহমেদ ঈদগাহ কমিটিৰ সভাপতি আলহজ ছবিৰ আহমেদ, সম্পাদক জাৱেদ ৰহমান, ডিব্ৰুগড় দাৰুল হাদিছ মাদ্ৰাছাতুল বানাত ছোৱালী মাদ্ৰাছাৰ সভাপতি মনিৰউদ্দিন আহমেদ,সম্পাদক আৰিফ উদ্দিন আহমেদ আদি বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে ঈদৰ শুভেচ্ছা আৰু ঈদ মোবাৰক জনাইছে।