সমান্তৰাল স্মৃতিৰ সোঁতত – নাচিমা য়াচমিন

সমান্তৰাল স্মৃতিৰ সোঁতত

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

হয়তো তোমাৰ সৈতে
দেখা হ’ব আকৌ এদিন ,
কোনোবা  এক অচিন পথত,
হয়তো দুয়োৰে পদধ্বনি মিলি যাব
  উকা পথৰ বুকুত।
তথাপিও মাত এষাৰ দিয়া নহ’ব ,
এবাৰ হাতত ধৰাৰ অধিকাৰ পোৱা নাযাব ।
নিঃশব্দ  বুকুত সামৰি ৰ’ব সীমাহীন হেঁপাহ!
নীৰৱে উশাহ বন্ধ হৈ মৃত্যু হ’ব
সোণোৱালী সপোনবোৰৰ।
হয়তো নতুনকৈ অজস্ৰ কাহিনীৰ জন্ম হ’ব,
পথবোৰে প্ৰেমৰ সৰ্পিল গতিত বিকৃত ৰূপ ল’ব ,
তোমাৰ জীৱনলৈ অইন কাৰোবাৰ আগমণ ঘটিব।
তোমাৰ ওপৰত অইনে অধিকাৰ ফলাব।
কিন্তু অৰ্থহীন অপেক্ষাত থকা মইজনী
সকলোবোৰ আকোঁৱালি ধৰিম কঠোৰতাৰে!
বিষাদৰ গধুৰ বোজা বুকুচাত কঢ়িয়াই ফুৰিম।
ৰজনীৰ সৈতে দুখৰ কথা পাতিম।
হয়তো কেতিয়াবা
আমি খোজ দিম সমান্তৰাল পথত ,
অচিনাকীৰ ভাও জুৰি,
দেখিও নেদেখাৰ দৰে কৰি।
যি পথ এটাই আনটোৰ লগত কেতিয়াও
মিলিত নহয়।
হয়তো…কেৱল হ’ব এক নীৰৱ পৰিসীমা,
আৰু আমি দুয়ো দুয়োলৈ চাই থাকিম দূৰণিৰ পৰা।