বিশিষ্ট লেখক, সাংবাদিক কবিৰ শইকীয়াৰ গ্ৰন্থ ‘যকৎ এ টু জেদ’ (যকৃৎ ‘A To Z’ ) উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ পল্টন বজাৰস্থিত নন্দন হোটেলত বৃহস্পতিবাৰে হায়দৰাবাদৰ যশোধৰা হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ কে এছ সোমাশেখৰ ৰাওৰ মূল গ্ৰন্থ ‘Liver A to Z’ ৰ অসমীয়া ৰূপান্তৰ ‘যকৎ এ টু জেদ’ (A To Z ‘) উন্মোচন কৰা হয়। বিশিষ্ট সাংবাদিক, লেখক কবিৰ শইকীয়াই অসমীয়া ভাষা লৈ অনুবাদ কৰা গ্ৰন্থখন উন্মোচন কৰি মননশীল লেখক ময়ূৰ বৰাই কয়-‘উৰন্ত চাকি’ গোলকীয় উত্তাপৰ পৰা সমাজৰ স্বাস্থ্যৰ কথা কবিৰ শইকীয়াই লিখি উলিয়াইছে। অসমীয়া মানুহৰ অতিথি পৰায়ণতাৰ চানেকি পোৱা যায়।এই গ্ৰন্থখন আমাৰ ঋসমাজৰ বাবে, নতুন প্ৰজন্মৰ বাবে এইখন অত্যন্ত গুৰুত্বপূৰ্ণ । নন এলকহ’লিক যকৎতৰ ৰোগ আমাৰ সমাজত বৃদ্ধি পাইছে।সুৰা পৰিমিত ৰূপত সেৱন কৰিব নোৱাৰা সকলে সমাজৰো যকৎ ৰোগ আনিছে । এই গ্ৰন্থখন অসমীয়া ভাষাত সুন্দৰ কৈ লিখা হৈছে। যকৎৰ কথা আমি চিন্তা কৰিব লাগিব। ফেটি লিভাৰ বৰ জটিল ৰোগ। অসমত এই বিষয়ে সজাগতা অনাৰ প্ৰয়োজন আছে। আমাৰ সমাজত যুৱ প্ৰজন্মৰ মাজত মাদক দ্ৰব্যৰ প্ৰৱণতা ভয়াবভাৱে বৃদ্ধি পাইছে। এই গ্ৰন্থখনে যকৃৎৰ ৰোগৰ বিষয়ে সজগতা আনিব। কবিৰ শইকীয়াই এই গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰি এক সুন্দৰ ববার্তা কঢ়িয়াই আনিলে। আমি এতিয়া সুস্থ লিভাৰতকৈ ফেটি লিভাৰৰ কথা বেছিকৈ পাতিব লগীয়া হৈছে। শাৰীৰ সুস্থতা নহলে মন সুস্থ হৈ থাকিব নোৱাৰে। নিজৰ যকৎ সুস্থ কৰি ৰাখিবলৈ এইখন সুন্দৰ গ্ৰন্থখন অনুবাদ কৰি কবিৰ শইকীয়াই আমাক উপহাৰ দিলে। শৰীৰসুস্থ হৈ থাকিলে সমাজখন ভাল হ’ব দেশখন ভাল হ’ব।যিটো কথা আমি পৰিহাৰ কৰিব পাৰো।’ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অৱসৰ প্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জোতি মহন্তই ভাষণত কয়-অসমত যকৎ বিষয়ে জ্ঞান থকা জৰুৰী। যকৃৎ ৰ ৰোগত ভুগি বহু প্ৰতিভাবান ডেকা ল’ৰাই অকালতে মৃত্যু বৰণ কৰিছে। ফেটি লিভাৰৰ সমস্যা অসমত সৰ্বাধিক। মদ্যপানৰ ফলত বহুতে যকৃৎতৰ ৰোগত অধিকভাৱে আক্ৰান্ট হয়। আমাৰ সমাজত দুৰ্গত মানুহক সহায় কৰিবলৈ কোনো আগ্ৰহ নাই।মানুহক সমাগ কৰাৰ বাবে এই গ্ৰন্থখন এক সুন্দৰ পদক্ষেপ।’সভাত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট সাংবাদিক সঞ্জীৱ ফুকনে ভাষণত কয়-কবিৰ শইকীয়াই কিছুমান অগতানুগতিক কাম কৰি ভাল পায়। তেওঁ বিভিন্ন সাহিত্য কৰ্ম , সৃষ্টি কৰ্ম কৰিছে। যকৃতৰ সমস্যা আমাৰ সমাজত দিনক দিনে বাঢ়ি গৈ আছে। যকৃতৰ আৰু উচ্চৰক্তচাপতো আজিৰ প্ৰজন্মৰ বহুতে মৃত্যুক আঁকোৱালি লৈছে। এই গ্ৰন্থখনত সুন্দৰ বিশ্লেষণ থাকিব বুলি আশা প্ৰকাশ কৰা হৈছে।’ সভাত আন এজন বিশিষ্ট অতিথি বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীয়ে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। তেঁও লগতে পাঠ্যপুথিৰ মাজলৈ এইবোৰ গ্ৰন্থ, বিষয় নিব লাগে বুলি উল্লেখ কৰে। সভাত হায়দৰাবাদৰ যশোধৰা হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ কে এছ সোমাশেখৰ ৰাওৱে তেওঁক এই সুযোগ দিয়া বাবে অসম বাসীক ধন্যবাদ জনায়। তেওঁ লগতে কয়- যকৃৎ সুৰক্ষিত কৰিবলৈ প্ৰথম অৱস্থাত এই ৰোগ ধৰা পৰিলে চিকিৎসা সম্ভৱ। যকৎৰ ৰোগ নীৰৱ ঘাটক। সুৰা সেৱন নকৰা সকলৰো যকৎ ৰ ৰোগ হয়। ৫০ শতাংশ নন এলক হ’লিক আৰু ৫০ শতাংশ এলক’ হ লিক কাৰণত যকৃৎ ৰ ৰোগ হয়। এতিয়া ফেটি লিভাৰৰ সমস্যা অধিক দেখা গৈছে যিয়ে লিভাৰ চিৰ’চিচৰ সমস্যাত ভোগে। সেয়েহে প্ৰথম অৱস্থাত ধৰা পৰিলে ইয়াৰ চিকিৎ সা সম্ভৱ। জণ্ডিচও লিভাৰৰ ৰোগৰ আন এটা লক্ষণ।’গ্ৰন্থখনৰ অনুবাদক, বিষয়ে সাংবাদিক, লেখক কবিৰ শইকীয়াই গ্ৰন্থখনৰ আৰৰ কথা কয়।তেওঁ লগতে কয়-এই গ্ৰন্থখন সহজ-সৰল ভাষাত লিখা হৈছে। ইয়াৰ জৰিয়তে পাঠক সমাজ উপকৃত হ’ব বুলি আশা কৰিলোঁ। অসমৰ গাৱে ভূৱে যাতে গ্ৰন্থখনৰ পাঠক সমাজ উপকৃত হ’ব পাৰে তাৰপ্ৰতি লক্ষ্য ৰাখি গ্ৰন্থখন লিখা হৈছে। অসমত ডাঃ কে এছ সোমাশেখৰ ৰাওৱে যকৃতৰ সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিল।’ সাংবাদিক জোতিস্মান শৰ্মাই আঁত ধৰা সভাখনত বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।