দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাত মহিলা কোষৰ দুদিনীয়া ক্ৰাফ্ট ৱৰ্কচপৰ সফল সামৰণি

দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাত মহিলা কোষৰ দুদিনীয়া ক্ৰাফ্ট ৱৰ্কচপৰ সফল সামৰণি

শৈলেন কুমাৰ,মিৰ্জা ,ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাত এই মহাবিদ্যালয়খনৰ মহিলা কোষৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত ক্ৰাফ্ট ৱৰ্কচপখনৰ যোৱা ১৫ ফেব্ৰুৱাৰীত বিয়লিৰ ভাগত সফল সামৰণি পৰে। এই উপলক্ষে প্ৰথম দিনা এই কৰ্মশালাখনিৰ মুকলি কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড.নৱজ্যোতি দাসে। উদ্দেশ্য ব্যাখ্যা কৰে এই মহিলা কোষৰ সভানেত্ৰী তথা বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা ড.মাধুৰী শইকীয়াই। এই মহিলা কোষ সম্পাদিকা তথা অধ্যাপিকা অনামিকা অধিকাৰীয়ে আঁত ধৰা এই কৰ্মশালাত সহায়-সহযোগ কৰে এই মহিলা কোষৰ উপদেষ্টা অধ্যাপিকা ড. অদিতি চৌধুৰী,ড.জিলমিল বৰাই। কাপোৰ আৰু মাটিৰে প্ৰস্তুত কৰা গহণা আৰু এম্বইদাৰী হুপ বিষয়ত অনুষ্ঠিত এই দুদিনীয়া কৰ্মশালাত সমল শিক্ষক হিচাপে অংশগ্ৰহণ কৰে ইণ্ডিয়ান ইনষ্টিটিউট অৱ হেণ্ডলুম টেকনলজিৰ প্ৰাক্তন ছাত্ৰী আৰু ক্ৰাফ্ট ক্লজেটৰ প্ৰতিষ্ঠাপক কাকলি কলিতাই। তেওঁ এই দুদিনীয়া প্ৰশিক্ষণত উপস্থিত ছাত্ৰী আৰু অধ্যাপিকা সকলক এই বিষয়ত প্ৰশিক্ষণ আগবঢ়ায়। তেওঁ ছাত্ৰীসকলক অতি ভালকৈ প্ৰশিক্ষণ আগবঢ়োৱাই নহয় এই দুদিনতে মাটি আৰু কাপোৰৰ দ্বাৰা গহণা,আ অলংকাৰ, কাপোৰত ফুল তোলা আদি প্ৰস্তুত কৰিব পৰাকৈ প্ৰশিক্ষণ আগবঢ়াবলৈ সক্ষম হয়। অতি উৎসাহেৰে ছাত্ৰীসকলে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰি এক প্ৰকাৰ নিজক স্বাৱলম্বী কৰিব পৰা যোগ্যতা অৰ্জন কৰে। এই বিদ্যালয়খনৰ অধ্যক্ষ ড.নৱজ্যোতি দাসৰ সভাপতিত্বত সামৰণি অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। এই সামৰণিত চলিত দিনৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীবোৰৰ দ্বাৰা এখনি প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়। এই প্ৰশিক্ষণত ৫৬ গৰাকী আগ্ৰহী ছাত্ৰী আৰু অধ্যাপিকায়ো অংশগ্ৰহণ কৰে। শেষত তেওঁলোকৰ মাজত এই প্ৰশিক্ষণ লোৱা ছাত্ৰী আৰু অধ্যাপিকাৰ মাজত প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এই পত্ৰ প্ৰদান কৰি অধ্যক্ষ ড.নৱজ্যোতি দাসে ছাত্ৰী সকলে ভৱিষ্যত কামনা কৰে। লগতে নিজৰ কামেৰে নিজৰ পথত খোজ দিব পাৰিব বুলি আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ অধ্যাপক তথা এই মহিলা কোষৰ সভানেত্ৰী ড.মাধুৰী শইকীয়াই ভাষণ প্ৰদান কৰি ছাত্ৰীসকলক উৎসাহ আৰু সাহস দিয়ে।এই প্ৰশিক্ষণ ছাত্ৰীসকলৰ বাবে স্বাৱলম্বীতাৰ এক মাপকাঠি হ’ব পাৰে বুলি ভাষণত উল্লেখ কৰে। এই সামৰণি অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰীসকলে নিজক গঢ়ি তোলাৰ বাবে সংকল্প গ্ৰহণ কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই এই মহিলা কোষৰ সম্পাদিকা অনামিকা অধিকাৰীয়ে।