বিক্ষুব্ধ বহ্নি
টিংকু বৰা, লখিমপুৰ
এটি ঘোপমৰা এন্ধাৰ ৰাতি
উমি উমি জ্বলি থকা চাকিটোৰ
ঢিমিক- ঢামাক পোহৰত
তেওঁ মোলৈ তধা লাগি চাইছিল ।
হয়তো, তেওঁৰ বহু কথা আছে মোৰ সʼতে
দুচকুত ক্ষোভ, অভিমান, অভিযোগৰ
হাজাৰতা সংমিশ্ৰণ !
পিছে, সময়ৰ মৌন সুৰক ভঙ্গ কৰিবলৈ যেন
তেওঁৰ সাহস হোৱা নাছিল।
কিছুপৰ অপেক্ষা কৰি
একো নোকোৱাকৈয়ে তেওঁ গুছি গৈছিল
উভতি নহাৰ বাটেৰে,
এটা ক্ষীণ আশা লৈ…
আজি বহুদিন হʼল,
তেওঁৰ সʼতে দেখা হোৱা নাই।
তেওঁ কেনে আছে মই নাজানো !
সপোন আছে বাবেই যিদৰে মই জীয়াই আছোঁ ,
জীৱনৰ নিমিলা অংকবোৰক
যোগ, বিয়োগ,পূৰণ, হৰণ কৰি
মিলাবলৈ হাজাৰটা চেষ্টা কৰিছোঁ;
ঠিক সেইদৰে
নোকোৱা কথাবোৰ কোৱাৰ হেঁপাহটোৱেই
হয়তো তেওঁক জীয়াই ৰাখিছে।
সময়ৰ সুৰক প্ৰত্যাহ্বান জনাব নোৱাৰাৰ দুৰ্বলতায়ে
হয়তো তেওঁৰ টোপনি সৰিছে !
তেওঁ হয়তো নিজক হেৰুৱাই পেলাইছে
সপোনৰ অনিশ্চয়তাত ।
মিথ্যাৰ আশাত চাগৈ তেওঁৰ মগজুত সৃষ্টি হৈছে
এজাক প্ৰতাৰণাৰ ধুমুহা ।
সম্ভৱতঃ
হাজাৰ বাৰ চেষ্টা কৰিও
হৃদয়ত কাহানিবায়ে ঠন ধৰা এলান্ধুকলীয়া স্মৃতিবোৰ
তেওঁ নিঃশেষ কৰিব পৰা নাই ।
দিন বাগৰি ৰাতি হৈছিল আৰু ৰাতিবোৰ দিন,
জ্বলি-পুৰি আৱেগবোৰ ছাই হৈছিল
কিন্তু, তেওঁৰ হৃদয়ৰ জুইকুৰা
অহৰ্নিশে জ্বলি ৰৈছিল ।