কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত হোৱা সাক্ষাৎকালত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া এডভান্টেজ আছাম ২.০ সম্পর্কত আলোচনাত মিলিত হৈ কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে। আলোচনাকালত কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহে এডভান্টেজ আছাম ২.০ৰ সন্মিলন সন্দৰ্ভত কয় যে এই সন্মিলনখনে অসমলৈ কেৱল বৃহৎ বিনিয়োগেই নহয়, ভাৰতৰ বিকাশৰ ইঞ্জিনৰ গ্ল’বেল মেপত অসম বিনিয়োগৰ ক্ষেত্ৰত আকর্ষণীয় গন্তব্য স্থানত পৰিণত হ’ব।