ডিব্ৰুগড়ৰ তিনিগৰাকী নাৰী লেখকৰ  দৃষ্টিৰে কানৈ মহিলা মহাবিদ্যালয়ত বক্তৃতানুষ্ঠান সম্পন্ন 

ডিব্ৰুগড়ৰ তিনিগৰাকী নাৰী লেখকৰ  দৃষ্টিৰে কানৈ মহিলা মহাবিদ্যালয়ত বক্তৃতানুষ্ঠান সম্পন্ন 
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত ‘ কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ অসমীয়া নাৰীৰ সামাজিক স্থিতি: ডিব্ৰুগড়ৰ তিনিগৰাকী নাৰীলেখকৰ দৃষ্টিৰে ‘ শীৰ্ষক এক বক্তৃতানুষ্ঠান আজি (১৮-২-২৫)সম্পন্ন হৈ যায়। অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডo অনুপ জ্যোতি ভৰালীয়ে আৰু আদৰণি ভাষণ দিয়ে বিভাগৰ মূৰব্বী অনিৰুদ্ধ দত্তই। মূল বক্তৃতা প্ৰদান কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা বিশিষ্ট লেখক ড০ সঞ্জীৱ পল ডেকাই কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ ডিব্ৰুগড়ৰ তিনিগৰাকী নাৰী লেখকৰ গদ্যৰ বিশেষ উল্লেখনেৰে সমকালীন অসমত নাৰীৰ সামাজিক অৱস্থান বিশ্লেষণ কৰে আৰু ইবোৰৰ আঁৰত থকা প্ৰেক্ষাপট সম্পৰ্কে সাৰগৰ্ভ আলোচনা আগবঢ়ায়। অনুষ্ঠানত ড০ সন্ধ্যা দেৱী, প্ৰসেনজিৎ চৌধুৰী , ডo গায়ত্ৰী দেৱী গোস্বামী, ডo অঞ্জু বৰাকে ধৰি ভালে সংখ্যক গণ্যমান্য ব্যক্তি, মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক- অধ্যাপিকা আৰু ছাত্ৰী উপস্থিত থাকে। বক্তৃতাৰ শেষত সমল ব্যক্তিৰে সৈতে উপস্হিত ব্যক্তিসকলে মত বিনিময় কৰে। অনুষ্ঠানটিৰ  আঁত ধৰে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডo চন্দন জ্যোতি চুতীয়াই।