মহাৰথী কৰ্ণ
টিংকু বৰা,লখিমপুৰ
কৰ্ণ, তুমি মহাবীৰ,মহাৰথী
সূৰ্যপুত্ৰ তুমি,
জগতত পৰিচিত দানবীৰ বুলি,
ৰাজমাতা কুন্তী তোমাৰেই মাতৃ;
পঞ্চপাণ্ডৱৰ আছিলা তুমি জ্যেষ্ঠ ভাতৃ।
জন্ম মুহূৰ্ততে নিজ মাতৃয়ে তোমাক
স্ৰোতস্বিনী যমুনা নদীত দিলে বিসৰ্জন;
ৰাধা-অধিৰথে তোমাক পুত্ৰ ৰূপে
কৰিলে গ্ৰহণ।
সুত পুত্ৰ বুলি জগতত হʼলা পৰিচিত
ৰাজপুত্ৰ হৈও সেই সন্মানৰ পৰা
হʼলা তুমি বঞ্চিত।
পদে পদে লাঞ্ছিত,
বিলাসী জীৱনৰ পৰা
হʼলা তুমি বঞ্চিত।
নিজস্ব কৰ্মৰ দ্বাৰা আজি তুমি জগতত
দানশ্ৰেষ্ঠ ৰূপে হʼলা পৰিচিত ।
জন্মৰ দ্বাৰা নহয় কৰ্মৰ দ্বাৰা যে
হʼব পাৰি মহান
সেইয়া তুমি জগতত
কৰিলা প্ৰতিপন্ন ।