শিলচৰত ভুবন মেলা ২০২৫ উপলক্ষে প্রস্তুতি সভা; জনসুৰক্ষাক প্ৰধান গুৰুত্ব দিলে মন্ত্ৰী কৌশিক ৰায়
শিলচৰ,ৰঙিলী বাৰ্ত্তাসেৱা- আসন্ন ভুবন মেলা ২০২৫ক সাফল্যমণ্ডিত আৰু সুৰক্ষিত কৰিবলৈ শনিবাৰে শিলচৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ নতুন সম্মেলনকক্ষে এক গুৰুত্বপূর্ণ প্রস্তুতি সভা অনুষ্ঠিত হয়। এই সভাত খাদ্য, গণবণ্টন আৰু উপভোক্তা বিষয়ক, খনি-মিনাৰেল আৰু বৰাক উপত্যকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী কৌশিক ৰায়ে সভাপতিত্ব কৰে। মন্ত্ৰীয়ে সকলো বিভাগৰ সমন্বিত প্ৰচেষ্টাৰে মেলাখন সুষ্ঠু আৰু নিৰাপদভাৱে আয়োজন কৰিবলৈ আহ্বান জনায়।
ভুবন মেলাৰ ধৰ্মীয় আৰু সাংস্কৃতিক তাৎপর্য উল্লেখ কৰি মন্ত্ৰী কৌশিক ৰায়ে কয় যে প্ৰতিবছৰে হাজাৰ হাজাৰ ভক্ত এই মেলাত অংশগ্ৰহণ কৰে। সেয়েহে, সকলো প্ৰয়োজনীয় সুবিধা সুনিশ্চিত কৰাৰ বাবে মন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগসমূহক ৰাস্তাঘাট, পানীয় জল যোগান, স্যানিটেচন আৰু অন্যান্য পরিকাঠামো উন্নয়নত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে।
সভাত কৃষ্ণপুৰ আৰু মতিনগৰ দিশৰ পৰা মেলাস্থললৈ সহজ যোগাযোগৰ বাবে ৰাস্তাঘাট সংস্কাৰৰ বিষয়ে বিস্তৃত আলোচনা হয়। এই কাম মেলা সমিতি আৰু বনবিভাগৰ মাজত ভাগ-বতৰা কৰি দায়িত্ব বণ্টন কৰা হয়। জনস্বাস্থ্য কাৰিগৰি বিভাগ (PHE)ক মেলাৰ সময়ত পানীয় জল যোগান নিশ্চিত কৰিবলৈ আদেশ দিয়া হয়।
মেলাস্থলত ভক্তসকলৰ সুবিধাৰ্থে ১০০ টা অস্থায়ী শৌচাগাৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি, দূৰ-দূৰান্তৰ পৰা অহা তীৰ্থযাত্ৰীৰ বিশ্রামৰ বাবে বিভিন্ন স্থানত বিশ্রাম শিবিৰ স্থাপন কৰা হ’ব। জিলা প্ৰশাসনে গণ পৰিবহণৰ ভাড়া নিয়ন্ত্ৰণ কৰি দর্শনাৰ্থীসকলৰ অৰ্থনৈতিক সুৰক্ষাৰ ব্যৱস্থা কৰিব।
মেলাত স্বাস্থ্য সুৰক্ষাৰ বাবে বহুমুখী পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিভিন্ন স্থানত মেডিকেল টীম আৰু সজ্জিত এম্বুলেন্স মোতায়েন কৰা হ’ব। ১০৮ এম্বুলেন্স সেৱা ২৪ ঘণ্টা উপলব্ধ থাকিব। সোনাই, ধলাই, পালংঘাট আৰু কচুদরম প্রাথমিক স্বাস্থ্যকেন্দ্ৰসমূহক ২৪ ঘণ্টা খোলা ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। বিদ্যুৎ যোগান নিৰবিচ্ছিন্ন ৰাখিবলৈ APDCLৰ তত্বাৱধানত ১০টা জেনাৰেটৰ বেকআপৰ ব্যৱস্থা কৰা হ’ব।
নিৰাপত্তা ব্যৱস্থা জোৰদাৰ কৰিবলৈ বিভিন্ন সংস্থা সমন্বিতভাৱে কাম কৰিব। আইনশৃঙ্খলা নিয়ন্ত্ৰণৰ বাবে লক্ষীপুৰ চক্র আধিকাৰী, লক্ষীপুর থানাৰ আৰক্ষী, কচুদরম, ধলাই আৰু সোনাই আৰক্ষী একসাথে দায়িত্ব পালন কৰিব। যানজট নিয়ন্ত্ৰণৰ বাবে ডিএছপি হেমেন দাসে এক বিশেষ ট্ৰাফিক পৰিকল্পনা উপস্থাপন কৰে।
আগামী ১৯ ফেব্ৰুৱাৰী পরৱৰ্তী চক্র স্তৰৰ পৰ্যালোচনা সভা অনুষ্ঠিত হ’ব। মেলাৰ আনুষ্ঠানিক উদ্বোধন ২৫ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে কৃষ্ণপুৰ আৰু মতিনগৰ প্ৰান্তত হ’ব। তাৰ আগতে এক পৰিদর্শন দল মেলাস্থল পৰিদৰ্শন কৰিব। এই দলে জিলা আয়ুক্ত মৃদুল যাদৱ, অতিরিক্ত জিলা আয়ুক্ত যুবরাজ বৰঠাকুৰ, অন্তরা সেন, ধলাই বিধায়ক নীহাৰ ৰঞ্জন দাস, বিজেপি জিলা সভাপতি ৰূপম সাহা, আৰক্ষী, APDCL, বনবিভাগ আৰু মেলা সমিতিৰ সদস্যসকলক অন্তৰ্ভুক্ত কৰিব।
জিলা বিপর্যয় ব্যৱস্থাপনা কৰ্তৃপক্ষ (DDMA) মেলাস্থলত সুৰক্ষাৰ তদাৰকিৰ দায়িত্ব ল’ব। বিপৰ্যয় ব্যৱস্থাপনা দলৰ “আপদমিত্ৰ” দলসমূহ পালাক্রমে ৮ ঘণ্টাৰ শিফ্টত কৰ্মৰত থাকিব।
সভাৰ অন্তত জিলা আয়ুক্ত মৃদুল যাদৱে ভুবন মেলা ২০২৫ক দুর্ঘটনামুক্ত এক অনন্য উৎসৱ ৰূপে পালন কৰিবলৈ সকলো বিভাগক কঠোৰ সুৰক্ষা বিধি অনুসৰণ কৰিবলৈ আহ্বান জনায়।
সভাত উপস্থিত সকলো অংশগ্ৰহণকাৰীয়ে একত্ৰিত প্রচেষ্টাৰে ভুবন মেলা ২০২৫ক সুৰক্ষিত, শান্তিপূৰ্ণ আৰু আধ্যাত্মিকভাৱে সমৃদ্ধ অভিজ্ঞতাত পৰিণত কৰাৰ দৃঢ় প্ৰতিশ্ৰুতি ব্যক্ত কৰে।