ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ আই পি এলৰ সময়সূচী

ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ আই পি এলৰ সময়সূচী

ৰঙিলী বাৰ্ত্তাসেৱা- অপেক্ষাৰ অন্ত২০২৫ বৰ্ষৰ আই পি এলৰ সময়সূচী আনুষ্ঠানিকভাৱে ঘোষণা হ’ল। প্ৰকাশিত সময়সূচী অনুসৰি ২২ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব চলিত বৰ্ষৰ আই পি এল। প্ৰায় দুমাহ ধৰি অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত প্লে অফ আৰু ফাইনেলকে ধৰি ৭৪খন মেচ অনুষ্ঠিত হ’ব।ইয়াৰে ৭০খন খেল গ্ৰুপ পৰ্যায়ৰ হ’ব। কলকাতৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ১৮ সংখ্যক আই পি এলৰ উদ্বোধনী মেচ। এই মেচখনত ভাগ ল’ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। একেদৰে ২৩ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মেচ। এই গুৰুত্বপূৰ্ণ মেচখন অনুষ্ঠিত হ’ব হায়দৰাবাদত।  একেদিনাই আই পি এল- ২৫ৰ অভিযান আৰম্ভ কৰিব চেন্নাই চুপাৰ কিংছে। দলটোৱে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব । এনেদৰেই ২৫ মে’লৈকে প্ৰায় দুমাহ ধৰি চলিব আই পি এলৰ মেচ। ২৫ মে’ত ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব আই পি এল-২৫ৰ ফাইনেল মেচ। উল্লেখযোগ্য যে বিগত বৰ্ষৰ দৰে এই বৰ্ষতো গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব মেগা প্ৰতিযোগিতাখনৰ দুখন মেচ। ৰাজস্থান ৰয়েলছৰ দ্বিতীয় হোমগ্ৰাউণ্ড হিচাপে পৰিচিত গুৱাহাটীত দলটোৱে খেলিব এই দুখন মেচ। মেচ দুখনত আলহী দল হিচাপে থাকিব ক্ৰমে কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই চুপাৰ কিংছ। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব লগা মেচ দুখন অনুষ্ঠিত হ’ব ক্ৰমে- ২৬ আৰু ৩০ মাৰ্চত।