অসম গণ পৰিষদৰ কাৰ্যনিৰ্বাহক সভা

অসম গণ পৰিষদৰ কাৰ্যনিৰ্বাহক সভা

ৰঙিলী বাৰ্ত্তাসেৱা- অসম গণ পৰিষদৰ উদ্যোগত আজি আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত এখন কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে। উক্ত বৈঠক পঞ্চায়ত নিৰ্বাচনকে ধৰি কেইবাটাও পৰিষদীয় নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা কৰে। পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ সৈতে কিমান দূৰ আগুৱাব পাৰে সেই সম্পৰ্কে এক গুৰুত্ব পূৰ্ণ আলোচনা কৰে। ভোট বিভাজনে যাতে বিৰোধীক সহায় নকৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । সন্মুখত স্বায়ত্ব শাসন পৰিষদৰ নিৰ্বাচন , বিধান সভাৰ নিৰ্বাচনো আহি আছে গতিকে আভ্যন্তৰীণ খেলি মেলিয়ে দলত বা মিত্ৰতাত যাতে প্ৰভাৱ নেপেলায়। একেটা সমষ্টিৰ পৰা বহু জনে নিৰ্বাচন খেলিব বিচৰাতো সাধাৰণ কথা । সেয়া থাকিবই। মিত্ৰতাত আছোঁ যেতিয়া জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকেই নিশ্চিতভাৱে অগ্ৰাধিকাৰ দিয়া হ’ব । উক্ত সভাত দলৰ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত, সম্পাদক ৰমেন্দ্ৰ নাৰায়ন কলিতা, অপূৰ্ব গোস্বামী, মনোজ শইকীয়াকে আদি কৰি প্ৰায় ৫০ গৰাকী বিষয় ববীয়া বৈঠকত উপস্থিত আছিল৷