মাজুলী জিলা স্বাস্থ্য বিভাগৰ ভিন্ন স্থানত শিবিৰ সম্পন্ন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলা স্বাস্থ্য বিভাগে উজনি মাজুলীৰ ৯২ নং চিৰাম দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত মাজৰ দেউৰী আয়ুস্মান আৰোগ্য মন্দিৰৰ সৌজন্যত আয়ুস্মান আৰোগ্য শিবিৰ আৰু নিক্ষয় শিবিৰ অনুষ্ঠিত কৰে। অনুষ্ঠানটিত ‘স্পৰ্শ কুষ্ঠৰোগ সজাগতা অভিযানৰ’ অধীনত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কুষ্ঠৰোগ সম্পৰ্কে সজাগতা অনাৰ উদ্দেশ্য এখনি সজাগতা মূলক সভা অনুষ্ঠিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ সৰ্বাংগীন বিকাশত সহায়ক হোৱাকৈ যোগ শিক্ষা প্ৰদান কৰে। ইফালে শ্ৰীৰাম চাপৰি আয়ুস্মান আৰোগ্য মন্দিৰৰ অধীনত চিৰাম তেলিয়াবাৰীত নি-ক্ষয় শিবিৰ আৰু আয়ুস্মান আৰোগ্য শিবিৰ অনুস্থিত কৰাৰ সমান্তৰালকৈ জিলাখনৰ বিভিন্ন স্থানত উৰিয়ামপাৰা উপস্বাস্থ্য কেন্দ্ৰৰ দ্বাৰা ১০০ দিনীয়া যক্ষ্মা নিৰ্মুলকৰন অভিযানৰ অধীনত ৰাইজৰ মাজত সজাগতা আগবঢ়ায়।