চন্দ্ৰশেখৰ পৰাজুলীৰ নিজকে সদায় উচিত মূল্যায়ন কৰক

চন্দ্ৰশেখৰ পৰাজুলীৰ নিজকে সদায় উচিত মূল্যায়ন কৰক

চন্দ্ৰশেখৰ পৰাজুলী সাম্প্ৰতিক কালৰ এগৰাকী সাধনাব্ৰতী সৃষ্টিশীল গদ্য লেখক। তেওঁৰ গভীৰ চিন্তাশীলতা, সংবেদনশীলতা আৰু মূল্যবোধেৰে নিৰ্মিত লেখাসমূহত নৈতিক জীৱনদৰ্শন, সমাজব্যৱস্থা, মানৱীয় মূল্যবোধ আৰু জীৱনৰ অভিজ্ঞতাসমূহ যুক্তিপূর্ণভাৱে প্ৰকাশ পাইছে। প্ৰতিটো প্ৰবন্ধই আত্মবিশ্বাস, মানসিক স্থিতি, সামাজিক দায়বদ্ধতা আৰু জীৱনৰ মূখ্য বিষয়সমূহ গভীৰভাৱে প্ৰতিফলিত কৰে। তেখেতৰ বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পোৱা পয়ত্ৰিশটা প্ৰবন্ধৰ একত্ৰ সংকলন ‘নিজকে সদায় উচিত মূল্যায়ন কৰক’ বিশ্বনাথ চাৰিআলিৰ ৰ’দ প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে৷ প্ৰথম প্ৰবন্ধটো হৈছে—‘নিজক সদায় উচিত মূল্যান কৰক।’ জীৱনৰ যিকোনো পৰিস্থিতিত নিজকে সঠিকভাৱে মূল্যায়ন কৰাৰ দ্বাৰা কেনেকৈ শ্ৰেষ্ঠ সিদ্ধান্ত ল’ব পাৰি, তাৰ এক সুস্পষ্ট আৰু প্ৰাঞ্জল বিশ্লেষণ এই প্ৰবন্ধত দাঙি ধৰা হৈছে। লেখকে পৰম্পৰাগত চিন্তাধাৰাৰ সীমাৰেখা অতিক্ৰমি আত্মোপলব্ধি আৰু আত্মসমীক্ষাৰ জৰিয়তে জীৱনৰ মূল্যবান উপদেশ আগবঢ়াইছে। উচ্চশিক্ষিত লোকৰ নিম্ন পদত যোগদানৰ ঘটনা আৰু নিজৰ ক্ষমতাৰ সঠিক প্ৰয়োগৰ অভাৱ প্ৰবন্ধটোৰ মুখ্য বিষয়। সমাধান হিচাপে লেখকে ব্যক্তিগত মূল্যাংকনৰ প্ৰয়োজনীয়তা আৰু প্ৰতিভাৰ পূৰ্ণ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ‘যুঁজিবলৈ শিকক, আনৰ লগত নহয় মনৰ লগত’ প্ৰবন্ধত লেখকে মানসিক শক্তি আৰু আত্মসংযমৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰিছে। প্ৰবন্ধটোত বাহ্যিক সংঘাতৰ পৰিৱৰ্তে অভ্যন্তৰীণ পৰিস্থিতিৰ সৈতে যুঁজাৰ মহত্ব প্ৰকাশ পাইছে৷ যিকোনো পৰিস্থিতিত বাহ্যিক অৱস্থাক দোষাৰোপ কৰাৰ পৰিবর্তে নিজৰ মনোজগতৰ মাজত থকা দ্বন্দ্ব সমাধান কৰিবলৈ প্ৰাধান্য দিয়াটো এক গূঢ় মনোবৈজ্ঞানিক তত্ত্বৰ প্ৰতিফলন। এইক্ষেত্ৰত লেখকৰ মনস্তাত্ত্বিক চিন্তাধাৰা বিশেষভাৱে মন কৰিবলগীয়া৷ ‘সুখ আৰু দুখ মাথোঁ চিন্তাধাৰাৰ সংযোগ’ প্ৰবন্ধটোৰ বিষয়বস্তু গভীৰ দাৰ্শনিক আৰু বৌদ্ধিক চিন্তাৰে ভৰা। জীৱনৰ মায়া-মোহ আৰু প্ৰাচুৰ্যৰ পিছত দৌৰি ফুৰা মানুহৰ মনোবৃত্তি বিষয়ে লেখকৰ দৃষ্টিভংগী চিত্তাকর্ষক। বিশেষকৈ, ত্যাগৰ মূল্যবোধ আৰু জীৱনৰ সাময়িকতা-নশ্বৰতাৰ সম্বন্ধে যি ধাৰণা দাঙি ধৰিছে, সেয়া পাঠকৰ মন-প্ৰাণত এক গভীৰ প্ৰভাৱ পেলাব। ‘মানৱ জীৱন কিমান যে মনোৰম’ এই প্ৰবন্ধৰ মূল বিষয়বস্তু হৈছে জীৱনৰ সঁচা সৌন্দৰ্য উপলব্ধিৰ প্ৰয়োজনীয়তা। লেখকে এগৰাকী অক্ষম ছোৱালীৰ সংগ্ৰামী জীৱনৰ উদাহৰণ দি সুস্থ-সবল জীৱনৰ মূল্য বুজিবলৈ আহ্বান জনাইছে। প্ৰবন্ধটোৱে জীৱন সংগ্ৰামৰ মাজত অধ্যৱসায় আৰু সাহসৰ প্ৰয়োজনীয়তাক গভীৰভাবে উন্মোচিত কৰিছে।লগতে সহানুভূতি, সদ্ভাৱনা আৰু আত্মপ্ৰত্যয়ৰ দিশত চিন্তা কৰিবলৈ পাঠকক অনুপ্ৰাণিত কৰিছে। প্ৰবন্ধটোৱে পাঠকৰ মনত সামাজিক দায়বদ্ধতাৰ প্ৰতি এক জাগৰণ ঘটোৱাৰ লগতে জীৱনৰ সৌন্দৰ্য উপলব্ধিৰ প্ৰত্যয় প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ‘জীৱন সংগ্ৰামৰ পৰা আধাতে এৰি পলায়ন নকৰিলে সফলতা নিশ্চিত’ শীৰ্ষক প্ৰবন্ধটোৰ বিষয়বস্তু এজন ব্যক্তিৰ অধ্যৱসায় আৰু কামত স্থিৰতাৰ প্ৰয়োজনীয়তাৰ ওপৰত কেন্দ্ৰিত। লিখাৰ মাজত এটা গুৰুত্বপূর্ণ সত্য ব্যক্ত কৰা হৈছে যে কামত ধৈৰ্য্য আৰু সংকল্পৰ অভাৱত, বহু সময়তে আমি উদ্দেশ্যত উপনীত হোৱাৰ পূৰ্বেই পলায়নপনবাদী মনোভাৱ গ্ৰহণ কৰি আন এক নতুন যাত্ৰা আৰম্ভ কৰোঁ। কিন্তু এই মনোভাৱৰ ফলত, এসময়ত অন্য কোনো ব্যক্তিয়ে আমি এৰি থৈ অহা সেই কামটোৰ জৰিয়তে সফলতা লাভ কৰিব পাৰে। অৰ্থাৎ কামত স্থিৰতা আৰু অধ্যৱসায়ৰ প্ৰয়োজনীয়তা সৰ্বাত্মকভাৱে বৰ্ণনা কৰা হৈছে। ‘কামত নলগা বুদ্ধিমত্তা প্ৰয়োজন নাই’ লেখাটোৰ জৰিয়তে লেখকে এটি গভীৰ সত্যৰ অন্বেষণ কৰিছে।এই লেখাৰ মাধ্যমেৰে লেখকে অতিৰিক্ত বুদ্ধিমত্তাৰ সৰ্বসাধাৰণ দৈনন্দিন জীৱনত প্ৰাসংগিকতাৰ প্ৰয়োজন নুই কৰিছে৷ লেখাটোৱে সৰলতা, সময়োপযোগী সিদ্ধান্ত গ্ৰহণ আৰু আত্মবিশ্বাসৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰিছে যে জীৱনত সফলতা অৰ্জন কৰিবলৈ ব্যৱহাৰিক জ্ঞানেই যথেষ্ট। এইখিনিতে, লেখকে অতিমাত্ৰা বিশ্লেষণমূলক চিন্তা-চৰ্চাৰ পৰিবৰ্তে মূল উদ্দেশ্যৰ প্ৰতি মনোযোগ দিয়াৰ পৰামৰ্শ দিছে। জীৱনত সফলতা অৰ্জন কৰিবলৈ হ’লে বুদ্ধিমত্তাতকৈ আত্মবিশ্বাসৰহে বেছি প্ৰয়োজন৷ ‘সঠিক ঠাইতহে সঠিক মৰ্যাদা পাব পাৰি’প্ৰবন্ধটো সমাজত ব্যক্তিৰ অৱস্থান আৰু মান্যতাৰ প্ৰকৃত স্থিতি চিহ্নিত কৰিছে। সঠিক ঠাইত সঠিক মুল্য পোৱাৰ বাবে ব্যক্তিক নিজ গুণৰ বিকাশ ঘটোৱাৰ বাবে পৰামৰ্শ দিয়া হৈছে। ‘নৱ প্ৰজন্মই সংস্কাৰবোৰ অভিভাৱকৰ পৰা গ্ৰহণৰ পৰিবৰ্তে গুগলৰ পৰা ল’বলৈ আৰাম্ভ কৰিছে’ প্ৰবন্ধটোৱে সমসাময়িক ডিজিটেল যুগত নৱপ্ৰজন্মৰ সংস্কৃতিৰ পৰা হঠাৎ বিচ্ছিন্নতাৰ এক উদ্বেগজনক ছবি আঁকিছে।লেখকে পুৰণি সংস্কাৰৰ প্ৰচাৰ আৰু প্ৰাসংগিকতা অটুট ৰাখিবলৈ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ মনোনিবেশ কৰিছে। ‘পৰিস্থিতি সলনি কৰিব নোৱাৰিলেও মনৰ স্থিতি সলনিৰ চেষ্টা কৰক’ জীৱনৰ যিকোনো পৰিস্থিতিত মনৰ স্থিৰতা বজাই ৰখা জীৱনৰ সবাতোকৈ ডাঙৰ শক্তি। লেখকে অনুকূল পৰিস্থিতিৰ বাবে অপেক্ষা নকৰি মনৰ স্থিতি সলনি কৰিবলৈ প্ৰেৰণা যোগাইছে। ‘ভাল মানুহ হিচাপে গঢ় ল’বলৈ বহুত সময় লাগে’ শীৰ্ষক প্ৰবন্ধত সততা, ন্যায় আৰু সহৃদয়তাৰ লগতে সময়ৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোচনা কৰা হৈছে। লেখকে ভাল মানুহ ৰূপে গঢ় লৈ উঠিবলৈ ধৈৰ্য আৰু অভ্যাসৰ গুৰুত্বক বিশেষভাৱে প্ৰমুখ্য কৰিছে। প্ৰবন্ধটোৱে জীৱনৰ এক গভীৰ আৰু গুৰুত্বপূর্ণ সত্যৰ ওপৰত আলোকপাত কৰিছে। ‘ভুলৰ পৰ শিক্ষা ল’লেহে কৰ্মদক্ষতা বাঢ়ে’ ভুল স্বাভাৱিক আৰু সেই ভুলৰ পৰা শিক্ষা গ্ৰহণ কৰাটোৱেই জীৱন আৰু কৰ্মক্ষেত্ৰৰ বিকাশৰ মূল চাবিকাঠি। যি কোনো ক্ষেত্ৰত সফল হ’বলৈ হলে সঠিক দিশ বিচাৰিবলৈ ভুলৰ পৰা শিক্ষা লোৱাটো অতি প্রয়োজনীয়। প্ৰবন্ধটোত এই প্ৰসংগৰ যথাযথ আৰু যুক্তিসংগত আলোচনা কৰিছে৷ লেখকে ভুলৰ পৰা শিক্ষা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক জীৱনপোযোগী ধাৰণা উপস্থাপন কৰিছে। প্ৰবন্ধটো স্পষ্ট, তথ্যভিত্তিক আৰু পাঠকক প্ৰেৰণা যোগাবলৈ সক্ষম হৈছে৷ যিকোনো পাঠকক ভুলৰ পৰা শিক্ষা গ্ৰহণৰ গুৰুত্ব উপলব্ধি কৰিবলৈ ই উৎসাহিত কৰিব। ’আনক সন্মান কৰিলে নিজৰো সন্মান বৃদ্ধি পায়’—এই বক্তব্যত ব্যক্তিগত আৰু সামাজিক একতাৰ গুৰুত্ব সুস্পষ্টভাৱে প্ৰকাশ পাইছে। প্ৰবন্ধটোৱে উল্লেখ কৰিছে যে, আনৰ প্ৰতি সন্মানৰ মনোভাৱে কেৱল সামাজিক আচৰণৰ উন্নতিকে নহয়; ই মানৱীয় গুণাবলীৰ এক গভীৰ বিকাশ ঘটায়। এই মনোভাৱেই সমাজক ঐক্যবদ্ধ কৰি সুদৃঢ় একতাৰ ভেটি গঢ়াৰ পথৰ সন্ধান দিয়ে৷ ’বেয়া সময়ে শক্তিশালী মানুহ গঢ়ে’ জীৱনৰ কঠিন সময়বোৰে মানুহৰ আন্তৰিক শক্তি আৰু দৃঢ়তা গঢ়ি তোলে। লেখকে এই প্ৰবন্ধত জীৱনৰ কঠিন পৰীক্ষাসমূহে কিদৰে নতুন দিশ প্ৰদান কৰে, তাৰ সুন্দৰ আলোচনা কৰিছে। গ্ৰন্থখনে পাঠকৰ মনৰ গভীৰতালৈ প্ৰৱেশ কৰি আত্মসমীক্ষাৰ পথ প্ৰশস্ত কৰিছে। লেখকৰ সূক্ষ্ম ভাষা আৰু গভীৰ চিন্তাধাৰাই গ্ৰন্থখনক এটি অনন্য সাহিত্যকৃতিলৈ ৰূপান্তৰিত কৰিছে। জীৱনবোধ, ধৰ্ম আৰু অন্তৰ্দৃষ্টিৰে উদ্ভাসিত এই সাহিত্যকৃতি পাঠকৰ অন্তৰত আত্মবিশ্লেষণৰ নতুন ক্ষেত্ৰ মুকলি কৰি দিছে৷ সময়ৰ পৰিসীমা অতিক্ৰম কৰা এই সাহিত্যকৃতি কেৱল এখনি গ্ৰন্থ নহয়, বৰঞ্চ এটি চিৰস্থায়ী প্ৰেৰণা যোগোৱা জীৱনধাৰা আৰু চিন্তাশীলতাৰ পথপ্ৰদৰ্শক ৰূপে প্রতিষ্ঠা লাভ কৰিব বুলি আশা কৰিব পাৰি।

 ইতি
শ্ৰদ্ধাসহকাৰে

শ্ৰী ললিত নাথ
 কেৰাণীপাম