চাৰিদিনীয়া ভ্রমণসূচীৰে ভুটানত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- চাৰিদিনীয়া ভ্রমণসূচীৰে চুবুৰীয়া ৰাষ্ট্ৰ ভুটানত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। ভূটানৰ ১১৭সংখ্যক ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীক ভূটানৰ ৰজা জিগমে খেচাৰ নামগাল বাংচুকে কৰা নিমন্ত্রণ ৰক্ষা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা পত্নী ৰিণিকি ভূঞা শর্মাসহ চুবুৰীয়া ৰাষ্ট্ৰখনত উপস্থিত হয়। বিশেষ বিমানযোগে পাৰো বিমানবন্দৰত সপত্নীক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা অৱতৰণ কৰাৰ পাছতেই বিমানবন্দৰৰ পৰা থিম্ফুলৈ ৰাজকীয় আতিথ্যৰে আদৰি নিয়ে। পাৰো বিমানবন্দৰত ৰয়েল ভুটান চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বৈদেশিক বাণিজ্য মন্ত্রী লিয়নপো ডি এন ধুংগিয়েল, ভূটানস্থিত ভাৰতৰ বাষ্ট্রদূত সুধাকৰ ডালেলা আৰু ৰয়েল ভুটান চৰকাৰৰ কেবিনেট সচিব কেছাং ডেকীয়ে উষ্ম আদৰণি জনায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সন্মানার্থে ভুটানৰ যুৱক- যুৱতীসকলে অসমৰ বিহুৰ লগতে দেশখনৰ পৰম্পৰাগত নৃত্য পৰিৱেশন কৰি এক নান্দনিক পৰিৱেশ গঢ়ি তোলে।
সেইদৰে ভূটানৰ প্রধানমন্ত্রী দাছ ছেৰিং টবগেও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক থিম্মুত উষ্ম আদৰণি জনায়। মন কৰিবলগীয়া এয়ে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হৈছে ৰয়েল ভুটান চৰকাৰৰ বিশেষ আমন্ত্রণমর্মে ৰাষ্ট্ৰখনলৈ যোৱা অসমৰ প্রথমগৰাকী মুখ্যমন্ত্রী। উল্লেখ্য যে অসমৰ সৈতে চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ ঐতিহাসিক বন্ধুত্বপূর্ণ সম্পর্ক আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই ভ্রমণে ভুটান আৰু অসমৰ মাজৰ বন্ধুত্বপূর্ণ সম্পর্ক আৰু অধিক শক্তিশালী কৰি তুলিব।