সূৰ্য ,পৃথিৱী আৰু গ্ৰহ উপগ্ৰহে যেনেকৈ নিজৰ কক্ষপথত বিচৰণ কৰি আছে ঠিক তেনেকৈ প্ৰতিজন মানুহে নিজৰ ক্ষপথত নিজে বিচৰণ কৰি আছে
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
কেইদিনমানৰ পৰা এটি ভাব বৰকৈ মনলৈ আহি থকাত হাতত কলমটো উঠাই লৈছোঁ। এই বিশ্বব্ৰহ্মাণ্ডৰ নক্ষত্ৰ সকলো গ্ৰহ উপগ্ৰহ আদিয়ে নিজৰ নিজৰ কক্ষপথত বিচৰণ কৰি আছে। সেয়া আমি সকলোৱে প্ৰত্যক্ষ কৰি থকা সূৰ্য হওক বা চন্দ্ৰ। প্ৰত্যেকটো নিজৰ কক্ষপথত থাকি নিজৰ নিজৰ দায়িত্ব পালন কৰি থকা কাৰণে আমাৰ হাটিপতি তাৰকাৰাজ্য সুন্দৰ ভাবে গতি কৰি আছে।
ঠিক তেনেকৈ আমিও যদি প্ৰত্যেক ব্যক্তিয়ে নিজৰ দায়িত্ব সুকলমে কৰি থাকোঁ সমাজৰ তথা পৰিয়াল সুন্দৰ ভাবে পৰিচালনা হ’ব। আমিও আমাৰ কক্ষপথ নিজে নিজৰ দায়িত্ব পালন কৰি যাব লাগিব লগতে আমাৰ শিশু সকলকো শিকাব লাগিব নৈতিক জ্ঞানৰ পাঠ পঢ়াব লাগিব । শিশু সকলে যদি ভালদৰে পঢ়াশুনা কৰে দেউতা মা আৰু ককা আইতাই দিয়া উপদেশ নীতি-শিক্ষা মানি চলা ডাঙৰ হ’লে এগৰাকী আদৰ্শ বান নাগৰিক হ’ব পাৰিব । আজিৰ শিশু কিন্তু কাইলৈ দেশৰ মূল চালিকা শক্তি হ’ব।মনত ৰাখিব লাগিব পঢ়াশুনাৰ লগতে বিভিন্ন কাৰিকৰী বা প্ৰগতিশীল বিষয়ৰ শিক্ষা লোৱাৰ উপৰিও এগৰাকী মানবীয়তা ভাৱধাৰাৰ ব্যক্তি হ’বলৈ চেষ্টা কৰিব লাগিব।ককা আইতা বয়সীয়াল লোক সকলক সদায় শ্ৰদ্ধা ভক্তি কৰিব তেতিয়াহে নিজৰ পথ সুগম হোৱাৰ লগতে সমাজৰ এগৰাকী প্ৰিয় ব্যক্তি হিচাপে পৰিগণিত হ’ব পাৰিব।সমাজখনেও ভৱিষ্যত প্ৰজন্মৰ পৰা পৰাই বহুত আশা কৰে গতিকে আমাৰ অভিভাৱকৰ দায়িত্ব সিহঁতক সৰুৰে পৰা মানবীয়তা আৰু বৃত্তি মুখী শিক্ষাৰে পৰিপক্ক কৰি গঢ়ি তোলা , সুস্থ সবল এখন সমাজ সৃষ্টিত অৰিহনা যোগোৱা ।