বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা : ২০২৪

বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা : ২০২৪

মৃদুস্মিতা শৰ্মা ,বোকাখাত,ৰঙিলী বাৰ্ত্তাসেৱা- বোকাখাত (Bokakhat) নাট্য মন্দিৰত সদৌ অসম লেখিকা সমাৰোহ (All Assam Writers’ Meet) সমিতিৰ দ্বাৰা ৪ ডিছেম্বৰত এখনি সংবাদমেল (Press conference) অনুষ্ঠিত হয়। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ (Subarna Saikia Bordoloi)য়ে সংবাদমেল সম্বোধন কৰি কয় যে অসমৰ সৰ্ববৃহৎ মহিলাৰ জাতীয় অনুষ্ঠান সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে ২০২৪ বৰ্ষৰ বাবে ‘শিল্পী আইদেউ সন্দিকৈ বঁটা-২০২৪’ (Artist Aideo Sandikai Award-2024) আগবঢ়াব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী, অসম গৌৰৱ তথা নলবাৰীৰ জীয়ৰী, ৰাষ্ট্ৰীয় শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা প্ৰাপক ‘বেণ্ডিত কুইন’ খ্যাত সীমা বিশ্বাস (Actress Sima Biswas)ক। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত, বোকাখাত শাখা সন্ধানী লেখিকা সমাৰোহ সমিতিৰ আতিথ্যত আৰু বোকাখাত নাট্যমন্দিৰৰ সহযোগত মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈৰ একবিংশতিতম্ স্মৃতি দিৱস উপলক্ষ্যে শিল্পীগৰাকীৰ সোঁৱৰণত কেন্দ্রীয় কার্যসূচী ‘শিল্পী আইদেউ সন্দিকৈ বঁটা-২০২৪’ প্রদান অনুষ্ঠানটি অহা ১৭ ডিচেম্বৰ ২০২৪ তাৰিখে বোকাখাত নাট্য মন্দিৰত উদ্‌যাপন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি সংবাদমেলত সভানেত্ৰী সুবৰ্ণ বৰদলৈয়ে প্ৰকাশ কৰে ৷ বেণ্ডিত কুইন’খ্যাত অভিনেত্রী সীমা বিশ্বাসলৈ ‘শিল্পী আইদেউ সন্দিকৈ বঁটা-২০২৪’ বিগত ২০০৩ বৰ্ষৰ পৰা প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ৰ নাম ভূমিকাত অভিনয় কৰা শিল্পী আইদেউ সন্দিকৈৰ সোঁৱৰণত মৃত্যু তিথি ১৭ ডিচেম্বৰ দিনা প্ৰতিবছৰে অসমৰ স্বনামধন্য একোগৰাকীকৈ মহিলা শিল্পীক এই বঁটা প্রদান কৰি অহা হৈছে। এই বঁটা সৰ্বপ্ৰথম বাৰৰ বাবে আগবঢ়োৱা হৈছিল বিশিষ্ট অসমীয়া অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যলৈ। উল্লেখ্য যে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে প্রতিষ্ঠা কালৰে পৰা (১৯৭৪ চন, ২ নৱেম্বৰ) অসমীয়া ভাষা-সংস্কৃতিৰ উত্তৰণৰ দিশত অসমৰ মহিলাসকলৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান হিচাবে আত্মপ্রকাশ কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। অনুষ্ঠিত সংবাদ মেলৰ জৰিয়তে এই কথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰা ঘোষণা কৰা হয়। সংবাদমেলত বোকাখাতৰ ছপা আৰু বৈদ্যুতিন কেউটা সাংবাদিক সংগঠনৰ গৰিষ্ঠ সংখ্যক সাংবাদিক, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈৰ লগতে কেন্দ্ৰীয় বিষয় ববীয়া মৃদুস্মিতা শৰ্মা ,বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ ক্ৰমে সভানেত্ৰী পুতলী খাউণ্ড, কাৰ্যকৰী সভানেত্ৰী কল্পনা চেতিয়া, সম্পাদিকাদ্বয় চন্দ্ৰপ্ৰভা শইকীয়া ডেকা আৰু শান্তি দত্ত শইকীয়াৰ লগতে উপদেষ্টা, বিষয় ববীয়া আৰু সদস্যা, বোকাখাত নাট্য মন্দিৰৰ সভাপতি দিলীপ শইকীয়া, সম্পাদক জিতু শৰ্মা ৰাজখোৱা, বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালা, বিশিষ্ট সাহিত্যিক নিজৰা বৰঠাকুৰকে আদি কৰি বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ গৰিষ্ঠ সংখ্যক সদস্যা-শুভাকাংক্ষী, বোকাখাত নাট্য মন্দিৰৰ বিষয় ববীয়া, সদস্য আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ছত্তীছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই মুখ্য অতিথি আৰু অসম চৰকাৰৰ ক্ৰমে জ্যেষ্ঠ কেবিনেট মন্ত্রী অতুল বৰা, কেবিনেট মন্ত্রী কেশৱ মহন্ত, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাচা, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ সব্যসাচী মহন্তই বিশেষ সন্মানীয় অতিথি হিচাবে, আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীৰ লগতে কেইবা গৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিব লগীয়া অনুষ্ঠানটি সকলোৰে উপস্থিতি আৰু সহযোগিতাৰে সফল কৰি তুলিবলৈ উদ্যোক্তাৰ তৰফৰ পৰা আহ্বান জনাইছে।