পুনৰ বহিঃৰাজ্যত অসমৰ যুৱতীক হত্যা

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱতীক হত্যা

ৰঙিলী বাৰ্ত্তাসেৱা- বহিঃৰাজ্যত অসমৰ যুৱতীক হত্যা । বেংগালুৰুত উদ্ধাৰ হৈছে অসমৰ এগৰাকী যুৱতীৰ মৃতদেহ ।বেংগালুৰুৰ ইণ্ডিৰা নগৰৰ এটা ছাৰ্ভিচ এপাৰ্টমেণ্টত উদ্ধাৰ মৃতদেহটো।মৃত যুৱতীগৰাকী মায়া গগৈ বুলি জানিব পৰা গৈছে।  এগৰাকী ব্লগাৰ ৰূপে ক’ৰামোংগলা নামৰ ঠাইৰ ব্যক্তিগত কোম্পানী  এটাত কৰ্মৰত যুৱতীগৰাকীক প্রেমিক তথা কেৰালাৰ কুন্নুৰৰ বাসিন্দা আৰব অনয় নামৰ যুৱকজনে হত্যা কৰাৰ সন্দেহ কৰা হৈছে। বেংগালুৰু আৰক্ষীয়ে সদৰী কৰা মতে বিগত তিনি দিন ধৰি ইন্দিৰা নগৰৰ ৰয়েল লিভিংছ নামৰ ছার্ভিচ এপার্টমেন্টটোত প্রেমিক আৰব অনয়ৰ সৈতে একেলগে আছিল মায়া গগৈ। এপার্টমেন্টটোৰ চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰাত দুয়োজনে একেলগে যোৱা ২৩ নৱেম্বৰত এপার্টমেন্টটোত উপস্থিত হোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে। কিন্তু ২৪ নৱেম্বৰৰ পুৱা আৰব অনয়ে এখন কেব বুক কৰি এপার্টমেন্টটোৰ পৰা ওলাই যোৱা দৃশ্যও আৰক্ষীয়ে চিচি টিভিযোগে লাভ কৰিছে। বেংগালুৰুৰ পূব আৰক্ষী জিলাৰ ডিচিপি ডি দেৱৰাজে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে বিগত তিনি দিনৰ ভিতৰতে হত্যাকাণ্ডটো সংঘটিত কৰা হৈছিল। যুৱতীগৰাকীক প্রেমিক আৰব অনয়ে হত্যা কৰাৰ আৰক্ষীয়ে সন্দেহ কৰিছে। ঘটনাটোৰ খবৰ পোৱাৰ পিছতে তাত উপস্থিত হোৱা ফৰেনছিক বিশেষজ্ঞৰ দলে মায়া গগৈৰ মৃতদেহৰ ওচৰত কেইবাটাও চিগাৰেটৰ টুকুৰা উদ্ধাৰ কৰিছে। আৰক্ষীয়ে প্রেমিক আৰব অনয়ে বুকুত বাৰম্বাৰ আঘাত কৰি যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ প্রকাশ কৰিছে। মৃতদেহটোৰ ওচৰত উদ্ধাৰ হোৱা চিগাৰেটৰ টুকুৰাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে সন্দেহ কৰিছে যে প্রেমিকজনে মৃতদেহটো টুকুৰা টুকুৰকৈ কটাৰ কথা হয়তো ভাবি আছিল। কিন্তু বিপদৰ আশংকাত সেই পৰিকল্পনা ত্যাগ কৰি ঘটনাস্থলীৰ পৰা আৰব অনয়ে পলায়ন কৰে। সম্প্রতি পলাতক হৈ থকা আৰব অনয়ক বিচাৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখাৰ লগতে এপার্টমেণ্টটোৰ কৰ্মচাৰী আৰু চুবুৰীয়াসকলকো জেৰা চলাইছে। হত্যাকাণ্ডটোৰ আঁৰৰ উদ্দেশ্য এতিয়াও পোহৰলৈ অহা নাই যদিও আৰক্ষীয়ে ব্যক্তিগত বিবাদৰ ফলতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ তীব্র সন্দেহ প্রকাশ কৰিছে।