আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, মাজুলীৰ উদ্যোগত অন্ধবিশ্বাস আৰু কুসংস্কাৰ সম্পৰ্কীয় সজাগতা সভা

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, মাজুলীৰ উদ্যোগত অন্ধবিশ্বাস আৰু কুসংস্কাৰ সম্পৰ্কীয় সজাগতা সভা
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণৰ জৰিয়তে এখন সুস্থ আৰু সৱল সমাজ গঢ়াৰ উদ্দেশ্য আগত ৰাখি অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে হাতত লোৱা কাৰ্যসূচীৰ অংশ স্বৰূপে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, মাজুলী জিলাৰ সৌজন্যত আজিৰপৰা এলানি বিশেষ সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ বিশেষ অৰ্থ সাহায্যত, এই কাৰ্যসূচীৰ প্ৰথমখন সজাগতা সভা আজি অনুষ্ঠিত হয় মাজুলীৰ কেশৱৰাম বৰা উচ্চ মাধ্যমিক বিদ্যালয়ত। বিদ্যালয়ৰ প্ৰধান শিক্ষক ডঃ প্ৰভাত হাটীমতাৰ সভাপতিত্বত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত সভাৰ আৰম্ভণিতে কেন্দ্ৰৰ জিলা সমন্বয়ক ডঃ অনুপ কুমাৰ দলে সকলোকে আদৰণি জনোৱাৰ লগতে অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে। সভাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয় যে আমি বাহ্যিকভাৱে সৌন্দৰ্যশালী হোৱাৰ সমান্তৰালকৈ আমাৰ সমাজত অনাহূতভাৱে শিপাই থকা অন্ধবিশ্বাস আৰু কুঃসংস্কাৰক পুলিয়ে-পোখাই উভালি আভ্যন্তৰীণভাৱেও সৌন্ধৰ্যশালী হ’ব লাগিব।বিশ্বাস যেতিয়াই সমাজৰ বাবে ক্ষতিকাৰক হৈ পৰে, তেতিয়াই অন্ধবিশ্বাসৰ ৰূপ লয়। সভাত সমল ব্যক্তি ৰূপে উপস্থিত থাকি মাজুলী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপিকা ডঃ ৰূপজ্যোতি বৰাই শিক্ষাৰ্থীসকলক এতিয়াৰ পৰাই যুক্তিনিষ্ঠতা আৰু পদ্ধতিগতভাৱে যিকোনো বিষয় বিশ্লেষণ কৰি সমাজখনক আগবঢ়াই নিয়াত ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উপস্থিত বিদ্যালয়ৰ শিক্ষকসকলৰ ফালৰ পৰা বিমান নাথ আৰু দীপাংকৰ দেৱনাথে বক্তব্য আগবঢ়াই এনে সজাগতামূলক সভা অনুষ্ঠিতকৰণেৰে ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰা বাবে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ ফালৰ পৰা ছাত্ৰী প্ৰিয়ংকা ঙাটেই নিজৰ অনুভৱ বাখ্যা কৰি সকলোকে আপ্লুত কৰে। মাজুলীৰ কেইবাজনো বিশিষ্ট শিক্ষাবিদ তথা বিদ্যালয়ৰ শিক্ষকসকল উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰা সভাখনত দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। সভাৰ অন্তত সকলোকে শলাগ জ্ঞাপন কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, মাজুলী খণ্ডৰ সমন্বয়ক বিকাশ বৰাই ।