তেজীমলা – জ্যোতিস্মিতা বৰা

Pc Peakpx
তেজীমলা
 জ্যোতিস্মিতা বৰা 
   যোৰহাট, অসম
তেজেৰে বোৱত তীৰত
স্খলন হোৱা কাহিনীক জীৱন দি
হেৰাই যোৱা সময়ৰ তিৰোধান তিথিত
শেষ হৈ গৈছে নিদাৰুনতাৰ শুভ্ৰ বস্ত্ৰ
তাই মাতৃত্বৰ মমতা বিচাৰি
চাপি গৈছে এটি শব্দৰ ছায়াত
তাইৰ মাহীমাক
জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহত যদি
তাই আঁকোৱালি লৈছে বিষবোৰ
আনফালে হাঁহি উঠিছে সমাজৰ চাক্ষুসতাত,
টুকুৰা টুকুৰ কৈ ভাগি গৈছে
হৃদয়ৰ ঠৰঙা অস্থি
সময়ে উপহাস কৰিছে আকুলতাক
নৈৰ পাৰত সেয়া বিহ্বল গভস্থি।
মলাটৰ হিৰণ্য স্বৰ্ণাভত যেতিয়া
গলি গলি শেষ হয় আইতাৰ সাধুকথা
কোনে বাৰু পাৰে চিঞৰিব শাশ্বত কৰ্মত
ব্যাপন ঘটা কাহিনীক ৰুদ্ধ কৰা সময়ত
লালসাৰ মহা অস্ত্ৰত শিহৰিত হৈছে
এটা এটা কেঁচা কলিজা
আছে জানো তেজীমলা হোৱাৰ বাধ্যবাধকতা
এই সমাজত তেজীমলাৰ ৰক্ত দলিয়াই
কলহংসৰ দৰে খেদি যাব লাগিব
সমাজৰ কাল অমানিশাক
সমাজৰ ব্যভিচাৰ…