ডিব্ৰুগড়ত জ্ঞান মালিনী কবি মফিজুদ্দিন আহমেদ হাজৰিকাৰ স্মৃতিচাৰণ সভা:কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সন্মান
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া ভাষা সাহিত্য জগতলৈ বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণেৰে অৱদান আগবঢ়াই থৈ গৈছে তাৰে এগৰাকী উল্লেখযোগ্য সাহিত্যিক তথা কবি হ’ল মফিজুদ্দিন আহমেদ হাজৰিকা। অসমীয়া ভাষাৰ প্ৰথম ছুফীবাদী দার্শনিক কবি হিচাপে খ্যাত মফিজুদ্দিন আহমেদ হাজৰিকাই তেখেতৰ নিজৰ সৃষ্টিশীল প্রতিভাৰ জৰিয়তে কিছু পৃথক বৈশিষ্ট্যৰে কবিতা ৰচনা কৰি অসমীয়া কাব্য সাহিত্যৰ ক্ষেত্ৰখনত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। কবি গৰাকীৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত ডিব্রুগড় জিলা সাহিত্য সভাৰ উদ্যোগত আৰু লুইতপৰীয়া স্বর্ণ শাখা সাহিত্য সভাৰ আতিথ্যত ডিব্ৰুগড় মহালয়াস্থিত অল্ড গৱর্ণমেন্ট বয়জ হাইস্কুল ফিল্ডৰ সমীপত থকা বিবেকানন্দ কেন্দ্ৰৰ আনন্দলয় সভাকক্ষত দিনজোৰা কাৰ্যসূচীৰে জ্ঞানমালিনী কবি মফিজুদ্দিন আহমেদ হাজৰিকাৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি নোমল চন্দ্ৰ গগৈয়ে কবি গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰে আৰু সমান্তৰাল ভাৱে অসম সাহিত্য সভাৰ ” চিৰ চেনেহী মোৰ ভাষা জননী” ৰ্শীষ গীত পৰিৱেশন কৰে উপস্থিত থকা সদস্য সকলে। ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সম্পাদক বদন গগৈয়ে আঁত ধৰা অনুষ্ঠানত কবি গৰাকীৰ স্বৰচিত কবিতা পাঠ কৰে দেৱী প্ৰসাদ বাগ্ৰোদিয়া, সুৰেশ আগৰৱালা, সুৰজিতা সন্দিকৈ ,পুস্পা বকুলচৰীযাই লগতে উপস্থিত কেইবাগৰাকী ব্যক্তিয়ে কবিগৰাকীৰ জীৱন দৰ্শনৰ বিষয়ে আলোকপাত কৰে। উল্লেখযোগ্য যে জিলা কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত মৰ্মে চলিত বৰ্ষৰ দ্বি-বাৰ্ষিক অধিৱেশনত সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰলৈ বিশেষ ভাৱে বৰঙনি আগবঢ়োৱা বিশিষ্ট অসমীয়া ভাষা সাহিত্য,সংস্কৃতিলৈ বিশেষ বৰঙনি আগবঢ়োৱা ক্রমে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী প্ৰহলাদ চন্দ্ৰ তাছালৈ জ্ঞান মালিনীৰ কবি মফিজউদ্দিন আহমদ হাজৰিকা বঁটা ,অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ভূপেন শইকীয়ালৈ ডঃ লীলা গগৈ বঁটা আৰু কৃৰ্তী শিক্ষয়িত্ৰী তথা সাংস্কৃতিক সাধক ঝৰ্ণা শইকীয়ালৈ ডঃ মহেন্দ্ৰ বৰা বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। সভাত বৈশিষ্ট সাহিত্যিক দেৱীপ্ৰসাদ বাগ্ৰোদিয়া, ডিব্ৰুগড় জিলা উপসভাপতি ভদ্ৰেশ্বৰ গগৈ, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ ‘কুঁহি’ৰ কাৰ্য্যবাহী সভাপতি প্ৰশান্ত নেওগ, ‘আকাশ’ৰ আহ্বায়ক সুৰজিতা সন্দিকৈ, সাংগঠনিক সম্পাদক পৰমানন্দ নাথ, ‘জোনাক’ৰ সম্পাদক ভাগ্যশ্বৰ গগৈ, লুইত পৰীয়া শাখা সাহিত্য সভাৰ সভাপতি মহেশ জৈন, সম্পাদক সুৰেশ আগৰৱালা, কবি মফিজুদ্দিন আহমেদ হাজৰিকাৰ পৰিয়ালৰ হৈ মাহমুদ কাছিম আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।