গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে ডেংগিৰ প্ৰাদুৰ্ভাৱ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীত ডেংগিয়ে লৈছে ভয়ংকৰ ৰূপ।ইজনৰ পিছত সিজন লোক আক্ৰান্ত হৈছে ডেংগিত। যাক লৈ এতিয়া শংকিত হৈ পৰিছে মহানগৰবাসী।মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ডেংগিত এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকীৰ ঘৰ গুৱাহাটীৰ ভাস্কৰনগৰত।বিগত কেইবাধিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী।উল্লেখ্যযে বিগত সপ্তাহৰ শনিবাৰেও ডেংগিত আক্ৰান্ত হৈ ভাস্কৰনগৰৰ সুনিতা বসুমতাৰী নামৰ মহিলাগৰাকীৰ মৃত্যু হৈছিল। দীৰ্ঘদিন ধৰি গুৱাহাটীৰ ভাস্কৰনগৰ অঞ্চলত বৃদ্ধি পাইছে ডেংগিৰ প্ৰাদুৰ্ভাৱ। ভাস্কৰ নগৰৰ একেটা পৰিয়ালৰে ৫জন সদস্য আক্ৰান্ত হৈছে ডেংগিত। কিন্তু ইমানৰ পিছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। বৰ্তমানো GMCHত চিকিৎসাধীন হৈ আছে ডেংগীত আক্ৰান্ত কেইবাজনো লোক।ইয়াৰ পাছতে এতিয়া গুৱাহাটীৰ ৪টা অঞ্চলক ৰেড জ’ন ঘোষণা কৰিছে গুৱাহাটী জিলা প্ৰশাসনে। গুৱাহাটীৰ ভাস্কৰ নগৰ, কাৰ্বি পথ, জু-ৰোডৰ অম্বিকাগিৰি নগৰ আৰু বামুণীমৈদাম ৰে’লৱে কলনীক ৰেড জ’ন ঘোষণা কৰিছে জিলা প্ৰশাসনে।উল্লেখ্যযে ভাস্কৰ নগৰ, হাতীগড় চাৰিআলি, গীতানগৰ, কাৰ্বি পথ আদিত নিতৌ ইজনৰ পিছত আনজন ডেংগি ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি, বিগত এটা মাহত বৃহত্তৰ ভাস্কৰ নগৰ অঞ্চলত ৩০জনৰো অধিক লোক ডেংগিত আক্রান্ত হৈছে। ডেংগিৰ হটস্পটত পৰিণত হৈছে গুৱাহাটীৰ ভাস্কৰ নগৰ।