দুদিনীয়া ভ্রমণসূচীৰে ৰাছিয়াৰ কাজানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্রমণসূচীৰে ৰাছিয়াৰ কাজানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-   ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে দুদিনীয়া ভ্রমণসূচীৰে ৰাছিয়াৰ কাজানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাজানৰ বিমানবন্দৰত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক মস্কোৱে আদৰণি জনোৱাৰ লগতে ৰাছিয়াৰ নাগৰিকে নৰেন্দ্ৰ মোদীক কৃষ্ণ ভজনেৰে আদৰণি জনায়। ভাৰত আৰু ৰাছিয়াৰ আধ্যাত্মিকতা আৰু সাংস্কৃতিক ঐতিহ্যৰ বিনিময়েৰে ভগৱান কৃষ্ণলৈ উৎসর্গিত ভক্তিমূলক গীত কৃষ্ণ ভজনেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে। ইপিনে ষষ্ঠদশ ব্রিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ পূৰ্বে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইউক্রেইনৰ সংঘাত শান্তিপূর্ণ মীমাংসাৰ বাবে ভাৰতে সকলো সমর্থন আগবঢ়োৱাৰ আগ্রহ প্রকাশ কৰে। ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বৈঠকত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়- ৰাছিয়া আৰু ইউক্রেইনৰ সংঘৰ্ষৰ সময়ৰে পৰা মই আপোনাৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আহিছোঁ। ইয়াৰ পূৰ্বেও আপোনাক কৈছিলোঁ যে আমি শান্তিপূর্ণভাৱে সমস্যাৰ সমাধান হোৱাটোত বিশ্বাস কৰোঁ। শীঘ্রেই শান্তি আৰু সুস্থিৰতা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমি সম্পূর্ণ সমর্থন কৰোঁ মানৱতাক প্রাধান্য দি আমাৰ সকলো পদক্ষেপ। ভাৰতে সম্ভাব্য সহযোগিতা আগবঢ়োৱাৰ সময় আহি পাইছে।