বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ ত্ৰিপুৰা ভ্ৰমণ

বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ ত্ৰিপুৰা ভ্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে দুপৰীয়া তিনিদিনীয়া ভ্ৰমণসূচীৰে আগৰতলাত উপস্থিত হয় কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপৱিত্ৰ মাৰ্ঘেৰিটা। আগৰতলাত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল শ্ৰী ইন্দ্ৰসেনা ৰেড্ডী নল্লু আৰু মুখ্যমন্ত্রী অধ্যাপক ড° মাণিক সাহাক সাক্ষাৎ কৰে। তেখেতৰ এই ভ্ৰমণকালত তেওঁ খোৱাই জিলাৰ কেইবাটাও কেন্দ্ৰীয় প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে ফ্লেগশ্বিপ কাৰ্যসূচীৰ অধীনত বিভিন্ন কেন্দ্ৰীয় আঁচনি আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা কৰিব। তেওঁ জিলাখনৰ শিক্ষা, স্বাস্থ্য, জল জীৱন মিছন, কৃষি আন্তঃগাঁথনি, আৰু দক্ষতা বিকাশ আদি ক্ষেত্ৰত চলি থকা প্ৰকল্পসমূহো পৰিদৰ্শন কৰিব। এই ভ্ৰমণ কাৰ্যসূচীত শ্ৰীযুত মাৰ্ঘেৰিটাই মহিলা পৰিচালিত আত্মসহায়ক গোট আৰু জিলা বিষয়াৰ সৈতে এখন বৈঠকতো অংশগ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কাৰ্যসূচীতো অংশ ল’ব। আনহাতে, বিয়লি ছিমনাৰ শংকলাত থকা হস্তশিল্প ক্লাষ্টাৰ প্ৰজেক্ট আৰু আইচিডিএছৰ অধীনত ‘সমৰ্থ’ প্ৰশিক্ষণ কেন্দ্ৰ আৰু ফাটিকছাৰাত হস্ততাঁত সজাগতা কাৰ্যসূচী পৰিদৰ্শন কৰিব।পৰৱৰ্তী সময়ত তেওঁ উদয়পুৰলৈ গৈ মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰ পৰিদৰ্শন কৰি আৰ্শিস গ্ৰহণ কৰিব। ১৮ অক্টোবৰৰ পুৱা আগৰতলাৰ ৰাজ্যিক সচিবালয়ত বস্ত্ৰ মন্ত্ৰালয় আৰু হস্ততাঁত, হস্তশিল্প আৰু ৰেচম উদ্যোগ বিভাগৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি, বিয়লি আগৰতলাস্থিত পূৰ্বাশা এম্পোৰিয়াম আৰু ৱেভাৰ্চ চাৰ্ভিছ চেণ্টাৰ পৰিদৰ্শন কৰিব। সন্ধিয়া তেওঁ আগৰতলাৰ পৰা দিল্লীলৈ ৰাওনা হ’ব।