চামগুৰিৰ হিংসাত্মক ঘটনা গণতন্ত্ৰৰ প্ৰসহন- আপ

চামগুৰিৰ হিংসাত্মক ঘটনা গণতন্ত্ৰৰ প্ৰসহন- আপ

ৰঙিলী বাৰ্ত্তাসেৱা-  মঙলবাৰে নগাঁও জিলাৰ চামগুৰি বিধান সভা সমষ্টিত কংগ্ৰেছৰ ৰেলীত বিজেপি আৰু অগপ দলৰ কৰ্মীয়ে কৰা আক্ৰমণৰ ঘটনাৰ তীব্ৰ গৰিহণা দিছে আম আদমী পাৰ্টিয়ে। আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ৰাজীৱ শইকীয়াই এক প্ৰেছ বিজ্ঞপ্তি যোগে চামগুৰিত শাসক দলৰ দ্বাৰায় বিৰোধী দলৰ নেতা-কৰ্মী তথা বিধায়কৰ ওপৰত সংঘটিত কৰা আক্ৰমণক গণতন্ত্ৰৰ প্ৰসহন আখ্যা দিছে। আপৰ নেতাগৰাকীয়ে উপ নিৰ্বাচনৰ দিন বাৰ ঘোষণা হোৱাৰ দিনাই সংঘটিত ৰাজনৈতিক হিংসাৰ বাবে চৰকাৰী পক্ষক জগৰীয়া কৰে। প্ৰেছ বিজ্ঞপ্তিত ৰাজীৱ শইকীয়াই কয়, ” পূৰ্বে কংগ্ৰেছ দল ক্ষমতাত থকা সময়ত ৰাজ্যখনত যিধৰণৰ বাতাবৰণ সৃষ্টি কৰিছিল, এতিয়া বিজেপিৰ দিনতো একেই পৰিস্থিতি সৃষ্টি কৰা হৈছে। কোনো কাৰণতে আম আদমী পাৰ্টিয়ে হিংসাৰ ৰাজনীতিৰে ৰাজ্যখনৰ পৰিবেশ কলুষিত হোৱাটো নিবিচাৰে। অসমত সুস্থ গণতন্ত্ৰ আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত হিংসাত্মক ঘটনাৰ সৈতে জড়িত দোষীৰ শাস্তি দাবী কৰোঁ। আনহাতে নিৰ্বাচনৰ পূৰ্বে সংঘটিত এই হিংসাই প্ৰমাণ কৰিছে যে শাসকীয় পক্ষ শংকিত হৈছে । তদুপৰি এই ঘটনাই আগন্তুক উপ নিৰ্বাচন যে মুক্ত আৰু নিৰপেক্ষ নহয়’ তাৰ ইংগিত বহন কৰিছে। “