ডিব্ৰুগড়ত ভাৰত ৰত্ন ড০ এ পি জে আব্দুল কালামৰ ওপজা দিন উদযাপন

ডিব্ৰুগড়ত ভাৰত ৰত্ন ড০ এ পি জে আব্দুল কালামৰ ওপজা দিন উদযাপন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিজ্ঞান সমিতিৰ ডিব্ৰুগড় শাখা মহিলা কোষৰ উদ্যোগত আৰু নিৰ্মালি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত ভাৰত ৰত্ন ড এ পি জে আব্দুল কালামৰ ওপজা দিন উদযাপন কৰা হয়। এই উদ্দেশ্যে ডিব্ৰুগড় বিজ্ঞান সমিতিৰ সভাপতি ড০ ভাৰতী দত্তৰ সঞ্চালনাত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, বিশিষ্ট বিজ্ঞানী, ভাৰতৰত্ন ড০ এ.পি.জে. আব্দুল কালামৰ ওপজা দিন উদযাপনৰ বাবে এখনি সভা অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলন কৰি সভাৰ শুভাৰম্ভ কৰি বিশিষ্ট পদাৰ্থবিদ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ পৰমানন্দ মহন্তই কালামৰ মাতৃভক্তিকে আদি কৰি তেখেতৰ সহজ – সৰল জীৱনৰ কথা ব্যক্ত কৰে। সভাৰ সমল ব্যক্তি, ডিব্ৰুগড় বিজ্ঞান সমিতিৰ সম্পাদক নাছিৰ চুলতানে কালামৰ জীৱনৰ চিৰসেউজ দৰ্শন , কৰ্ম তথা কৃতিৰ কথা বৰ্ণনা কৰে। বিদ্যালয়ৰ চাৰিগৰাকী ছাত্ৰীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ জীৱনৰ বিভিন্ন দিশ সম্বলিত বক্তব্য উপস্থাপন কৰি নবীনসকলৰ মাজত কালামৰ আদৰ্শৰ প্ৰসাৰ প্ৰচাৰ কৰাৰ সভাৰ মূল উদ্দেশ্য সিদ্ধ কৰে। নিৰ্মালি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মালবিকা কোঁৱৰে ছাত্ৰী সকলৰ উদ্দেশ্যে ভাৰতৰত্ন গৰাকীৰ অতি সৰল জীৱন যাপনৰ আদৰ্শ আৰু অন্যান্য অনুকৰণীয় বিষয়ে আলোচনা আগবঢ়ায়। ডিব্ৰুগড় বিজ্ঞান সমিতিৰ দুগৰাকী কাৰ্যবাহী সদস্য বিপুল খাউণ্ড আৰু অজিত শৰ্মাই প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ অনন্য কিছু দিশৰ কথা ব্যক্ত কৰি সকলোকে অভিভূত কৰে। সভানেত্ৰী ড০ ভাৰতী দত্তই অতি সাৱলীলভাৱে বিশিষ্ট বিজ্ঞানী গৰাকীৰ জীৱনকৃতিৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়াই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । লগতে তেখেতে স্বৰচিত দুখনি জীৱনী গ্ৰন্থ বিদ্যালয়ৰ পুথিভঁৰালৰ বাবে প্ৰদান কৰে । সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু শলাগ জ্ঞাপন কৰে ডিব্ৰুগড় বিজ্ঞান সমিতিৰ মহিলা কোষৰ আহ্বায়িকা সুদক্ষিণা দাসে ।উল্লেখযোগ্য যে বিদ্যালয়ৰ চাৰিগৰাকী ছাত্ৰীয়েও কালামৰ জীৱন সম্পৰ্কত সুন্দৰভাবে বক্তব্য আগবঢ়ায়।