শৰৎ অহাৰ উমান
ৰামেশ্বৰ নাথ
তুমি আহিবা বুলি উমান পাই
সৰগৰ নিয়ৰৰ মুকুতাই
আগ চোতালৰ দুৱৰি জোপাত
মৰমৰ দলিচা পাৰি দিছিল ।
তুমি হেনো নিশাৰ তল সৰা
শেৱালী ফুলৰ সুবাস বিচাৰি
কঁহুৱাৰ মাজে মাজে শুভ্ৰ ভেদি
ধৰাৰ বুকুলৈ নামি অহা ।
ধৰাৰ বুকুত অপায় অমংগল
বাধা বিঘিনি দূৰ কৰাৰ হেতু
মৰ্ত্যলৈ মহালয়া হৈ নামি আহে
শাৰদীয় ৰাণী মা দুৰ্গা।
তাৰ পিছত ধীৰে ধীৰে আৰম্ভ হয়
অসুৰ বধৰ মহাযজ্ঞ ।
ঢাক ঢোল , মৃদংগ সুৰ শুনি
আনন্দত আত্মহাৰা হোৱা
মানৱ সমাজ মাজত বিয়পি পৰে
দশভূজধাৰী শাৰদীয় দুৰ্গা উৎসৱ ।