অনলাইন বাৰ্ত্তাসেৱা – ফ্ৰান্সে ইউৰোপীয় ইউনিয়নৰ চিকিৎসা সংস্থাৰ পৰা কোনো অনুমোদন নোপোৱা স্বত্বেও ১৮ জুলাইৰ পৰা কভিশ্বিল্ড গ্ৰহণ কৰা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলক প্ৰৱেশৰ অনুমতি প্ৰদান কৰিব। এই বাতৰিটোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এছ.আই.আই.ৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাই কয়, “ভ্ৰমণকাৰীসকলৰ বাবে এয়া সঁচাকৈয়ে ভাল খবৰ। ১৬ খন ইউৰোপীয় দেশে কভিশ্বিল্ডক গ্ৰহণযোগ্য বুলি স্বীকৃতি দিছে। কিন্তু প্ৰৱেশৰ নিয়ম দেশভেদে পৃথক হ’ব পাৰে, সেয়েহে ভ্ৰমণ কৰাৰ আগতে পঢ়া লোৱা উচিত।”
(UD.)