মাজুলীৰ গড়মূৰত পগাগ মৰ্টচৰ উপ-ডিলাৰ মুকলি

মাজুলীৰ গড়মূৰত পগাগ মৰ্টচৰ উপ-ডিলাৰ মুকলি
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলী জিলা সদৰ গড়মূৰৰ পঞ্জাৱ নেচনেল বেংকৰ কাষত আজি পগাগ মৰ্টচৰ হিৰ’ চাব ডিলাৰ আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় । এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত বন্তি প্ৰজ্বলনৰ পিচতে আয়তীৰ উৰুলি ধ্বনিৰ মাজত চাব ডিলাৰৰ ফিটা কাটি উদ্ধোধন কৰে গড়মূৰ প্ৰেছ ক্লাবৰ সভাপতি উৎপল কাকতিয়ে ৷ পগাগ মৰ্টচৰ স্বত্বাধিকাৰী কমলালক্ষী পগাগে উদ্ধোধক গৰাকীক গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে উপস্থিত অতিথি সকলক স্বাগত সম্ভাষণ জ্ঞাপন কৰে ৷ চাব ডিলাৰৰ জৰিয়তে দূৰলৈ নোযোৱাকৈ হিৰ’ কোম্পানীৰ মন পচন্দৰ মটৰচাইকেল, স্কুটি ক্ৰয় কৰিব পাৰিব বুলি উল্লেখ কৰে উদ্ধোধক গৰাকীয়ে ৷ অনুষ্ঠানত স্বত্বাধিকাৰী কমলালক্ষী পগাগে ৰাইজৰ সুবিধাৰ্থে বৰগুৰিৰ মুখ্য ডিলাৰৰ উপৰিও ৰাইজৰ সুবিধা হোৱাকৈ জেংৰাইমুখ, নতুনবজাৰ আৰু গড়মূৰত এই উপ ডিলাৰৰ ব্যৱস্থা কৰা বুলি উল্লেখ কৰে ৷ অনুষ্ঠানত সমাজকৰ্মী অৰূপ বৰা আৰু মানিক কুলি, কবি পাপু বৰা, উপ-ডিলাৰৰ কৰ্মচাৰী ৰানা বৰুৱা, সুপ্ৰিয়া শৰ্মা প্ৰমুখ্যে চাৰি গৰাকী গ্ৰাহকৰ লগতে শুভাকাংক্ষী লোক উপস্থিত থাকে ৷