ৰজনীকান্তক চেন্নাইৰ চিকিৎসালয়ত ভৰ্তি

ৰজনীকান্তক চেন্নাইৰ চিকিৎসালয়ত ভৰ্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ চলচ্চিত্ৰ জগতৰ মেগাষ্টাৰ ৰজনীকান্তক সোমবাৰে নিশা চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হয়। সূত্ৰই জনোৱা মতে, মঙলবাৰে অৰ্থাৎ ১ অক্টোবৰত তেওঁৰ সামান্য অস্ত্ৰোপচাৰ কৰিবলগীয়া হ’ব পাৰে । মেগাষ্টাৰগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে । অৱশ্যে ৰজনীকান্তৰ স্বাস্থ্য সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য ৰজনীকান্তৰ পৰিয়াল বা চিকিৎসালয়ে দিয়া নাই । সোমবাৰে নিশা তীব্ৰ পেটৰ বিষত ভোগাৰ বাবে ৰজনীকান্তক চিকিৎসালয়লৈ অনা হয় । জানিব পৰা মতে ১ অক্টোবৰৰ পুৱা চিকিৎসালয়খনৰ কেথেটাৰাইজেচন লেবত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰা হ’ব । এই খবৰ ওলোৱাৰ পিছত অনুৰাগীসকলে মেগাষ্টাৰগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ।