আঘাতপ্ৰাপ্ত অভিনেতা গোবিন্দা

আঘাতপ্ৰাপ্ত অভিনেতা গোবিন্দা

ৰঙিলী বাৰ্ত্তাসেৱা- আজি ৰাতিপুৱা অভিনেতা আৰু শিৱ সেনাৰ নেতা গোবিন্দা আঘাতপ্ৰাপ্ত হয় ।পুৱাই অকস্মাতে নিজৰ বন্দুকেৰে ভৰিত গুলী লাগে অভিনেতাজনৰ ৷ মুম্বাই আৰক্ষীৰ এজন বিষয়াই এই কথা জানিবলৈ দিয়া মতে, নিজৰ ৰিভলভাৰ চফা কৰি থকা সময়তে ঘটে এই অঘটন। ততাতৈয়াকৈ তেওঁক হাস্পতাললৈ লৈ যোৱা হয় ৷ বৰ্তমান মুম্বাইৰ এখন হস্পাতালত ভৰ্তি হৈ থকা অভিনেতাগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমে সদৰি কৰা অনুসৰি, গোবিন্দা দৰাচলতে কলকাতালৈ যাবলৈ সাজু হৈ আছিল । তেওঁ তেওঁৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো কেছটোত ভৰাবলৈ লওতেই তেওঁৰ হাতৰ পৰা সৰি পৰে আৰু অকস্মাতে এটা গুলী তেওঁৰ ভৰিত লাগে । ততাতৈয়াকৈ তেওঁক হাস্পতাললৈ লৈ যোৱা হয় ৷ চিকিৎসকে ইতিমধ্যে বুলেটটো আঁতৰাই দিছে আৰু বৰ্তমান তেওঁৰ অৱস্থা ঠিকেই আছে । খবৰ অনুসৰি পুৱা ৪.৪৫ বজাত ছুপাৰষ্টাৰগৰাকীৰ সৈতে এই দুৰ্ঘটনা সংঘটিত হয় ।