উপলব্ধি
পৰিস্মিতা বৰা হাজৰিকা, মাজুলী
হঠাৎ খবৰটো পাই বুকুখন বিষাই গ’ল । বুকুত এটা পচণ্ড বিষ অনুভৱ কৰিলে তাই । দুখত ভাগি পৰি দুচকুৰে ধোৱা কোৱা দেখিলে। বৈ আহিল বাৰিষা ঢ্ল হৈ অশ্ৰৰ বন্যা । তাই প্ৰিয় বান্ধৱী প্ৰিয়াই যেতিয়া বিয়াৰ নিমন্ত্ৰণ দিবলৈ আহিছিল , মনটো স্ফুটিত কব নোৱাৰা হৈ পৰিল নয়না । বহুত দিনৰ পিছত লগপাই হিয়া উজাৰি কথা পাতিছিল আৰু যেতিয়া দৰা কোন বুলি সুধাত , প্ৰিয়াই তাইৰ মবাইলত দৰা ফটোখন হাহি হাহি দেখাইছিল , পলকতে সকলো শেষ হৈ গৈছিল নয়নাৰ ।
নয়না আৰু প্ৰিয়া একেলগে পঢ়িছিল চহৰৰ এখন নামজ্বলা কলেজত আৰু একেলগে একেটা হোষ্টেলত আছিল দুইজনী । কলেজৰ দিনত প্ৰতিটো সময়তে একে লগে থকা দুইজনীয়ে পাতিছিল সুখ দুখৰ প্ৰতিটো কথা । গাৱৰ পৰা যোৱা নয়নাই প্ৰথমে চহৰৰ আওভাও একোকে বুজা নাছিল , ঠিক সেইসময়তে সৰু পৰা চহৰৰ ভাল পৰিৱেশত ডাঙৰ হোৱা প্ৰিয়াই আঙুলিত ধৰি শিকোৱাৰ দৰে প্ৰতিটো কথাই শিকাই দিছিল তাইক ।
নয়নাই বহুত দিনৰ পিছত মবাইলত ফেচবুকটো ইনষ্টল কৰিলে , বহুত দিনেই হ’ল তাই মবাইলৰ পৰা আতৰি থকা , বি এ পৰীক্ষা দি তাই যেতিয়া চহৰৰ পৰা গুচি আহিছিল তেতিয়াৰে পৰাই আতৰি আছিল সকলোৱে পৰা । নিজৰ নামত ফেচবুকটো খুলি তাই লৰালৰিকৈ চাৰ্জ কৰিলে সুশান্ত বৰদলৈ নামটো । তাৰ প্ৰফাইল টো চাই হতভম্ব হল নয়না । প্ৰতিখন ফটোতে প্ৰিয়াক দেখি তাই পাগলৰ দৰে হৈ পৰিল । কিয় সুশান্ত আৰু প্ৰিয়াই তাইৰ লগত খেল খেলিলে । সকলো জানিও কিয় প্ৰিয়াই তাইক বিশ্বাসঘাটক কৰিলে । কোন সাহসত তাই নয়নাক সিহঁতৰ বিয়ালৈ নিমন্ত্ৰণ দিলেহি । কথাবোৰ ভাবি ভাবি কান্দি উঠিল নয়না ।
চহৰৰ প্ৰখ্যাত ব্যৱসায়ী প্ৰতাপ চৌধুৰী আৰু তেৱেই একমাত্ৰ সন্তান সুশান্ত চৌধুৰী । প্ৰিয়া আৰু নয়নাতকৈ দুবছৰ মানৰ ডাঙৰ যদিও প্ৰথমে সুশান্তই চিনাকি হৈছিল নয়নাৰ সৈতে । প্ৰথম চিনাকিতেই সুশান্তক ভাল লাগিছিল নয়নাৰ । ধনী ঘৰৰ লৰা যদিও তাৰ অমায়িক মাত ভাষাত মোহ গৈছিল নয়না । কিন্তু কোনোদিনেই তাই ভবাৰ দৰে এবাৰো প্ৰেমৰ প্ৰস্তাৱ নিদিলে সুশান্তই । তাই বাৰে বাৰে তাক বুজাব বিচাৰিও বিফল হোৱাত মনৰ আশা মনতে বান্ধি গুচি আহিছিল ঘৰলৈ । মাক দেউতাকে বাৰে বাৰে বুজাইও তাইক উচ্চ শিক্ষাৰ বাবে পঠাব নোৱাৰিলে আৰু অৱশেষত তাই পালে কি?
এদিন মাক দেউতাকক আচৰিত কৰি তাই সিদ্ধান্তটো জনোৱাত মাকে চাদৰৰ আচলৰে চকু পানী মচিলে আৰু দেউতাকে তাইক সকলো যোগাৰ কৰি দিলে । তাই মাক দেউতাকক এৰি উচ্চ শিক্ষাৰ বাবে উৰা মাৰিলে মুম্বাইলৈ । তাইৰ মনত আৰু কোনো সুশান্তক স্থান নিদিয়ে , যাক তাই একপক্ষীয় ভাবে ভাল পাইছিল আজীৱন তেওৰেই পুজা কৰি যাব তাই । প্ৰেমত প্ৰতাৰিত হৈ সকলো বন্ধু বান্ধবীৰ পৰাই আতৰি ফুৰিছিল নয়না । কলেজৰ দিনত বহুতৰে পৰাই প্ৰস্তাব পাইছিল যদিও দুৰে দুৰে আছিল তাই , কিয়নো মনে প্ৰাণে তাই সুশান্তকে ভাল পাই । তাৰ সা সম্পত্তি দেখি তাই সুশান্তক ভাল পোৱা নাছিল , পাইছিল তাৰ ব্যৱহাৰ দেখি। কিন্তু কিয় তাৰ ওচৰত নিশাৰ ভালপোৱাই স্থান নাপালে সেইটো তাইয়ো নাজানিলে । হয়তো তাই গাৱলীয়া , বা তাৰ দৰে ধনী ঘৰৰ নোহোৱা বাবেই সি তাইক উপক্ষিত কৰিলে ।
দিন যায় , মাহ বাগৰি বছৰে পাৰ সলাই । নয়নাইও নিজকে সলনি কৰিলে । মুম্বাইত এটা ভাল প্ৰতিষ্ঠানত তাই চাকৰি কৰে । বছৰত এবাৰ মাক দেউতাকৰ কাষলৈ আহে । মাক দেউতাকে বাৰে বাৰে বিয়াৰ কথা উলিয়াইয়ো তাইক সৈমান কৰাব নোৱাৰি হুমুনিয়াহ কাহে । চাদৰৰ আচলেৰে মনে মনে চকুলো মচে । তাইয়ো বিমোৰত পৰে মাকৰ কথাবোৰ শুনিলে । কিন্তু তাই যে নিৰুপাই । কেনেকৈ কয় মাকক তাই ভগ্ন হৃদয়খনৰ কথাবোৰ , কেনেকৈ কয় তাই যেন আজীৱন সুশান্তৰ নামত উশাহ লৈ জীয়াই থাকিব খোজে । মাকৰ ফোনটো আহিলেই বুকুৰ ধপধপনিটো বাঢ়ি যায় নয়নাৰ । আজিকালি কামটো মন নবঢ়া হৈ আহিছে । ঘৰত অকলশৰীয়া মাক দেউতাকলৈ বৰকৈ মনত পৰে নয়নাৰ । বয়স হোৱাৰ লগে লগে অসুখেও লগ এৰা নিদিয়া হ’ল । কিমান নো আৰু আক তাক কৈ কৈ ডাক্তৰৰ ওচৰলৈ নিয়াব । সেয়ে তাই সিদ্ধান্ত লৈ পেলাইছে এইবাৰ তাই চাকৰি ৰিজাইন দিএকেবাৰে গুচি যাব মাক দেউতাকৰ কাষলৈ । এই বয়সত আৰু মানুহ হালক অকলশৰীয়া নকৰে তাই ।
বহাগ বিহু । চাৰিওফালে ঢোল পেপাৰ মাত , গাৱৰ ঘৰে ঘৰে ঢেকীৰ শব্দ আৰু ওচৰৰ খুৰী তাতশালৰ পৰা অহা খটখটনিৰ শব্দত টোপনিৰ পৰা সাৰ পালে নয়নাই । চিনাকি সুবাস এটা বিয়পি পৰিল তাইৰ চৌপাশে । বহু বছৰে হ’ল বিহুত গাৱত নথকা । চহৰৰ যান্ত্ৰিকতাৰ মাজত পাহৰিয়ে গৈছিল তাই ভাল লগা বোৰ । নিজকে পাহৰাবলৈ তাই দিনে নিশাই ব্যস্ত আছিল কামত । এতিয়া নিজক সময় দিব । ভুল কৰি পেলালে তাই কাৰোবাৰ নামত জীৱনটো উৎচৰ্গা কৰি । মাকৰ শেতা পৰা মুখখনলৈ চাবলৈ তাই সাহস হোৱা নাই । আগৰ দৰে দেউতাকৰ কাষত বহি তাই আব্দাৰবোৰ শুনাবলৈও সাহস নাই তাই ।
বিচনাখনতে কুচি মুচি বহি ৰ’ল তাই অনবৰতে মাকে শুনাই থকা কথাবোৰ বাজি আছিল তাইৰ কানত । গাৱৰ তাই লগৰ সকলোৱে খবৰ দিলে মাকে । কাক কলৈ বিয়া দিলে , কোনে কাক আনিলে , কাৰ ঘৰত চাকৰি হ’ল ….. ইত্যাদি ইত্যাদি বহুতো কথা। সহজ সৰল মনৰ মানুহ । পৃথিৱীৰ কোনো জটিলতা ভু নোপোৱা মানুহবোৰ দেখি হাহি উঠে তাইৰ ।
মাজনী , তই উঠাই নাই নেকি ? মাকে তাইক মাতি মাতি একেবাৰেই কাষতে বহেহি । তাই মাকৰ কোলাতে মুৰটো দি শুই পৰিল , নজনাকৈয়ে দুচকুৰে বৈ আহিল চকুলো । মাকে হেপাহেৰে তাইৰ চুলিত হাত ফুৰাই দি ক’লে —- শুনচোন মাজনী , দেউতা আৰু মই তোৰ বিয়া কথা ভাবিছোঁ । এইবাৰ তই আমাৰ আশাত চেচা পানী নেধালিবি আই । আমি থকালৈকে তোৰ একো নহয় । আমি মৰাৰ পিছত তোৰ কি হ’ব আই ? মাকে থোকাথুকি মাতেৰে কথা কেইটা কৈ উচুপি উঠিল । মাজনী , মোমায়েৰে তোৰ বাবে লৰা এটা চাইচে । এইকেইদিনতে আহিব বুলি খবৰ দিছে । লৰাটোৱে বুলে আগতে বিয়া পাতিছিল , কিবা কাৰণত ডিভোৰ্জ হ’ল । লৰাটো অৱশ্য স্বভাৱ চৰিত্ৰ ভাল বুলি কৈছে । একেজাপে মাকৰ কোলাৰ পৰা উঠিল তাই আচৰিত হৈ চালে মাকলৈ । এবাৰ বিবাহ বিচ্ছেদ হোৱা লৰা চাইছে মোমায়েকে তাইৰ বাবে । তাই প্ৰতিবাদ কৰিব খুজাত মাকে পুনৰ ক’লে —-তই আপত্তি নকৰিবি আই , তোৰো বয়স হৈছে নহয় । এতিয়া আৰু কোন ভাল লৰা আহিব তোৰ বাবে । আমাৰ ভাগ্যত ভগৱানে সুখ নিদিলে অ’ আই । মাক উলাই গ’ল কোঠাটোৰ পৰা । মাকৰ কথাবোৰ শুনি তাই লাহেকৈ আইনাখনৰ সন্মুখত ৰৈ নিজকে চালে এবাৰ । বহুত দিনেই হ’ল নিজৰ যত্ন লবলৈ এৰাৰ । সন্মুখৰ চুলিখিনি ৰূপোৱালী বৰণ ধৰিছে । কপালখনতো বয়সৰ আচুৰ পৰিছে । আগৰ সেই উজ্জলতা আৰু নাই তাইৰ গালে মুখে ।
মাক দেউতাকৰ কথা মতেই মোমায়েকে বিহুতে দৰা আনিবলৈ সন্মতি হ’ল । নিদিষ্ট দিনা আবেলি বগা ৰঙৰ গাড়ী এখন আহি সিহঁতৰ পদুলি মুখত ৰ’লহি । দেউতাক গৈ আলহীক আদৰি আনি বহিবলৈ দিলে । নয়নাই মাকৰ লগত চাহৰ যোগাৰ কৰি আছিল। পৰিয়ালৰ খুৰীয়েক কেইগৰাকীও ব্যস্ত আলহীৰ বাবে জা জলপান যোগাৰ কৰাত । মাকৰ পিছে পিছে নয়নাই চাহৰ ট্ৰে খন লৈ ওলাই আহিল । মোমায়েক দেউতাক আৰু আলহীক চাহ দিবলৈ আহি হতভম্ব হ’ল নয়না । কি দেখিছে তাই । তাইক চাবলৈ সুশান্ত চৌধুৰী আহিছে । কিন্তু প্ৰিয়া কি হ’ল , তাইতো তাই আৰু সুশান্তৰ বিয়ালৈ তাইক নিজে নিমন্ত্ৰণ দিব আহিছিল । তাই আচৰিত হোৱাৰ দৰে সুশান্তও আচৰিত হ’ল । কি যে ভগৱানৰ লীলা ।
নয়না , ভালে আছা ? সুশান্তৰ মাতত তালৈ চালে তাই । একেই আছে সুশান্ত । কেৱল চুলিখিনি ৰূপোৱালী বৰন ধৰিছে ।
ওম , ভালেই আছোঁ ।আপুনি ? কিন্তু প্ৰিয়াৰ কি হ’ল ? লাহেকৈ সুধিলে তাই ।
ভিনদেউ এওঁলোকে হয়তো আগৰ পৰাই ইজনে সিজনক জানে , গতিকে সকলো কথা খুলা খুলিকৈ পাতি লওক । আমি ভিতৰতে বহি কথা পাতোঁ আহক । মোমায়েক আৰু দেউতাক দুয়ো উঠি গ’ল ভিতৰলৈ ।
আহা নয়না , ইয়াতে বহা ।মই সকলো কম তোমাক । কৈ গ’ল সুশান্তৰ জীৱনৰ প্ৰতিটো কথা । প্ৰিয়াই কেনেকৈ তাক নিজৰ প্ৰেমৰ জালত পেলাই বন্ধি কৰি ৰাখিছিল সুশান্তক । নয়নাৰ প্ৰতি থকা ভালপোৱা পাহৰাই নিজৰ প্ৰেমত পাগল কৰিলে তাক । তাই প্ৰতিটো চলাহি কথাত ভুল যোৱা সুশান্তই ভুল শুদ্ধ বিচাৰেই কৰিব নোৱাৰিলে আৰু প্ৰিয়াক বিয়া কৰাই মাক দেউতাকৰ পৰা আতৰাই নিয়া প্ৰিয়াই এদিন আতৰি গৈছিল সুশান্তৰ জীৱনৰ পৰাও । এতিয়া অকলশৰীয়া মাক দেউতাকৰ বাবে বোৱাৰী বিচাৰি আহিছে সুশান্ত । কথাবোৰ শুনি আচৰিত হ’ল নয়না । তাইৰ মনৰ প্ৰতিটো কথাই খুলি কৈছিল একমাত্ৰ আপোন বান্ধবী প্ৰিয়াক আৰু তাইয়ে কাঢ়ি ললে তাইৰ ভালপোৱাক । চলনাময়ী প্ৰেয়সীয়ে অতি নিষ্ঠুৰভাবে হত্যা কৰিলে সুশান্তৰ ভালপোৱাক । গছকি ফেনেকি হত্যা কৰা জীৱনতো আৰু শেষ হবলৈ দিব নোৱাৰি । দুয়ো বহুপৰ নিৰৱে থাকি তাৰ উমাল বুকুৰ মাজত সোমাই পৰিল কুৰুকি কুৰুকি । প্ৰকৃত প্ৰেমৰ মৃতু নাই , সেয়া আজি উপলব্ধি কৰিলে নয়না আৰু সুশান্তই । সচা মৰম ভালপোৱাৰ উমান পাই সুশান্তই সাবটি ধৰিলে নয়নাক বুকুৰ মাজত জোৰেৰে । খোৱ জোৰেৰে ।